বৰপেটাৰোডত দেশৰ বৰ্তমান অৱস্থা, গণতন্ত্ৰ আৰু সামাজিক শান্তিৰ ওপৰত আলোচনা সভা

গুৱাহাটীত ১১-১২ মাৰ্চত ভাৰতীয় গণনাট্য সংঘৰ মহা ৰজৎ জয়ন্তীৰ কাৰ্যসূচী

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ

দেশৰ বৰ্তমান অৱস্থা, গণতন্ত্ৰ আৰু সামাজিক শান্তিৰ ওপৰত বৰপেটাৰোড সাহিত্য সভা ভৱনত আজি এখনি আলোচনা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি আজিৰ অসম কাকতৰ প্ৰধান সম্পাদক প্ৰশান্ত ৰাজগুৰু, নেহু বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা মনোৰমা শৰ্মা, আৰ্য বিদ্যাপীঠৰ অধ্যক্ষ ডঃ অজিত কুমাৰ তালুকদাৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ অপূৰ্ব বৰুৱা, অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক, তথা লেখক পৰেশ মালাকাৰ, বিশিষ্ট ৰাজনীতিবিদ তথা চিপিআইএমৰ প্ৰাক্তন বিধায়ক হেমেন দাসৰ উপৰি ভালেকেইজন বুদ্ধিজীৱী আৰু বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

গুৱাহাটীত ১১-১২ মাৰ্চত ভাৰতীয় গণনাট্য সংঘৰ মহা ৰজৎ জয়ন্তীৰ কাৰ্যসূচী

বক্তাসকলে বৰ্তমান দেশৰ অৱস্থা আৰু গণতন্ত্ৰৰ দ্ৰুত স্খলনৰ ফলত সামাজিক শান্তিত যথেষ্ট ব্যাঘাত জন্মা বুলি তাৎপৰ্য মন্তব্য কৰে।
শেহতীয়াকৈ বৰ্তমানৰ চৰকাৰে গণতন্ত্ৰক ভৰিৰে মোহাৰি জনসাধাৰণৰ সমাজৰ প্ৰতি দায়বদ্ধতা নোহোৱা কৰি পেলাইছে বুলি প্ৰশান্ত ৰাজগুৰুৱে মন্তব্য কৰে। বৰ্ষীয়ান নেতা হেমেন দাসে কয় যে কেৱল শাসনৰ গাদী ৰক্ষাৰ বাবে এইখন চৰকাৰে যিকোনো অগণতান্ত্ৰিক কাম কৰিব পাৰে। বৰ্তমান দেশৰ ৰাজনীতিত মূল্যবোধৰ অভাৱ ঘটিছে, যাৰফলত সাধাৰণ জনতা দিশহাৰা হৈ পৰিছে। অসম বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ গৃহ চহৰ, বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি উপস্হিত ৰাইজে মত পোষণ কৰে।

Your Comments