শিলচৰৰ পৰা বিক্ৰম দাস
অহা ১০ মার্চৰ পুৱা ৯টাৰ পৰা শিলচৰৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়ৰ নগৰীয়া পৰিয়াল কল্যাণ গোটত ইনটেনছিভ পাল্ছ পলিঅ' খুওৱা হ'ব৷ কাছাৰৰ উপায়ুক্ত লায়া মাদদুৰিয়ে ০-৫ বছৰৰ শিশুক দুটোপাল প্রতিষেধক প্ৰদানৰ কার্যসূচী উদ্বোধন কৰিব৷
উল্লেখ্য যে অহা ১০-১২ মার্চ তাৰিখলৈ কাছাৰৰ বিভিন্ন স্থানত বুথ স্থাপন কৰি আৰু ঘৰে ঘৰে গৈ ০-৫ বছৰ বয়সৰ সকলো শিশুকে এই প্রতিষেধক প্ৰদান কৰিব৷
- Log in to post comments
- 3 views