কাছাৰ জিলা প্ৰশাসনৰ অস্বাস্থ্যকৰ সুৰাপানৰ বিৰুদ্ধে সচেতনতা অভিযান

কাছাৰ১জিলা১প্ৰশাসনৰ১অস্বাস্থ্যকৰ১সুৰাপানৰ১বিৰুদ্ধে১সচেতনতা১অভিযান

শিলচৰৰ পৰা বিক্রম দাস 

ৰাজ্য চৰকাৰৰ নির্দেশ অনুযায়ী কাছাৰ জিলা প্রশাসনে আবকাৰী বিভাগৰ সহযোগিতাত জিলাখনৰ চাহ হাগিচা অঞ্চলসমূহত আৰম্ভ কৰিছে অস্বাস্থ্যকৰ সুৰাপানৰ বিৰুদ্ধে সচেতনতা অভিযান৷ ইয়াৰ অংশ হিচাপে কাছাৰ জিলাৰ কুম্ভাৰ চাহ বাগান আৰু ডার্বি চাহ বাগান এলেকাত অনুষ্ঠিত কৰা হয় সচেতনতা সভা৷ শুকুৰবাৰে কাছাৰৰ উপায়ুক্ত লায়া মাদ্দুৰিয়ে উদাৰবন্ধ সমষ্টিৰ কাশীপুৰ চাহ বাগানত স্থানীয় লোকসকলৰ সৈতে সচেতনতা সভাত মতবিনিময় কৰে৷ এই উপলক্ষে আয়োজিত এক বৈঠকত উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট পৰিয়ালসমূহৰ কল্যাণমূলক ব্যৱস্থাসমূহৰ সম্পর্কে আলোচনা কৰে৷

কাছাৰ১জিলা১প্ৰশাসনৰ১অস্বাস্থ্যকৰ১সুৰাপানৰ১বিৰুদ্ধে১সচেতনতা১অভিযান

তেওঁ কয় যে স্থানীয়ভাৱে তৈয়াৰ কৰা চুলাই দ্বাৰা পৰিয়ালসমূহৰ উন্নতিত বাধাৰ সৃষ্টি হয়৷ পৰিয়ালসমূহক অস্বাস্থ্যকৰ সুৰাপান সম্পর্কে সচেতন কৰি তেওঁ কয় যে পৰিয়ালসমূহে যদি এমেধৰণৰ নিচা পৰিত্যাগ কৰে তেনেহ'লে ৰাজ্য চৰকাৰৰ পৰা উপাৰ্জনমূলক আঁচনি যেনে কুকুৰা, মীনপালন, গাহৰি পালন আদিৰ সুবিধা প্ৰদান কৰিব৷ এই ক্ষেত্ৰত তেওঁ চাহ বাগান কর্তৃপক্ষক বাগানৰ তেনে লোকসকলক চিনাক্ত কৰিবলৈ জনায়৷

কাছাৰ১জিলা১প্ৰশাসনৰ১অস্বাস্থ্যকৰ১সুৰাপানৰ১বিৰুদ্ধে১সচেতনতা১অভিযান

স্থানীয়ভাৱে তৈয়াৰী চুলাই মদৰ ক্ষতিকাৰক দিশটোৰ কথা বিশ্লেষণ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা পৰিয়ালসমূহ ক্ষতিগ্রস্ত হয়৷ এই অনুষ্ঠানত আবকাৰী বিভাগৰ ছুপাৰিনটেডেণ্ট সিনহাই স্থানীয় লোকসকলৰ জীৱন আৰু স্বাস্থ্য ৰক্ষাৰ বাবে অঞ্চলটোত অবৈধভাৱে প্ৰস্তুত কৰা মদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ লগতে অবৈধ মদৰ ব্যৱসায়ৰ বিৰুদ্ধে প্রতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায়৷ এই ধৰণৰ অভিযান ভৱিষ্যতৰ দিনবোৰতো অব্যাহত থাকবি বুলি তেওঁ লগতে জনায়৷

কাছাৰ১জিলা১প্ৰশাসনৰ১অস্বাস্থ্যকৰ১সুৰাপানৰ১বিৰুদ্ধে১সচেতনতা১অভিযান

নির্ধাৰিত কার্যসূচী অনুসৰি আইৰংমাৰা হাইস্কুলত বিশ্ব নাৰী দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানতো অনুৰূপ সচেতনতা সভা অনুষ্ঠিত হয়৷ আনহাতে, ৰাজ্যৰ উইমেন ইন গভর্নেন্স আৰু মহিলা মহান ইউনিয়ন সংস্থাৰ যৌথ উদ্যোগতো কন্যা শিশুৰ শিক্ষা আৰু ঘৰুৱা অপৰাধ সংক্রান্তীয় সচেতনতা কার্যসূচী তথা মদৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে অভিযান চলোৱা হয়৷ 

Your Comments