গোলাঘাটত পুনৰ বিষাক্ত সুৰা সেৱন কৰি দুজনৰ মৃত্যু

গোলাঘাটত পুনৰ বিষাক্ত সুৰা সেৱন কৰি দুজনৰ মৃত্যু

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

সদ্য বিভীষিকা সৃষ্টি কৰা সুৰা ঘটনাত প্ৰায় ডেৰশ মানুহ মৃত্যু হোৱাৰ পিছত পুনৰ অনুৰূপ ঘটনাই জোকাৰিছে গোলাঘাট। বিষাক্ত সুৰাৰ প্ৰচলন হৈ থকাৰ কথা প্ৰমাণ কৰি শুকুৰবাৰে নুমলীগড় অঞ্চলৰ মৰঙী পানীকৰা গাঁৱত বিষাক্ত সুৰা সেৱন কৰি দুজন লোকৰ মৃত্যু হয়। জানিব পৰামতে, জিতু দাস আৰু ৰাতুল দাস নামৰ এই দুজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজনকৈ লোক চিকিৎসাধীন হ'বলগীয়া হৈছে।

Your Comments