কাছাৰ জিলাৰ গাড়ীৰ মালিকসকলে ৩১ মাৰ্চৰ ভিতৰত আদায় দিব লাগিব সকলোধৰণৰ কৰ-মাচুল

কাছাৰ জিলাৰ গাড়ীৰ মালিকসকলে ৩১ মাৰ্চৰ ভিতৰত আদায় দিব লাগিব সকলোধৰণৰ কৰ-মাচুল

শিলচৰৰ পৰা বিক্রম দাস

কাছাৰ জিলাৰ যান-বাহনৰ মালিকসকলে ৩১ মাৰ্চৰ ভিতৰত সকলো ধৰণৰ কৰ আদায় দিব লাগিব৷ কাছাৰৰ জিলা পৰিবহণ বিষয়া আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনাইছে৷ এই সময়সীমাৰ ভিতৰত যদি গাড়ীৰ মালিকসকলে নিজৰ নিজৰ ৰোড টেক্স, মাচুল ইত্যাদি জমা নিদিয়ে তেতিয়াহ'লে আইন অনুযায়ী যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও বিজ্ঞপ্তিটোত উল্লেখ কৰিছে৷

Your Comments