১০ মাৰ্চত বঙাইগাঁৱত ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান

১০ মাৰ্চত বঙাইগাঁৱত ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান

অহা ১০ মাৰ্চত সমগ্ৰ বঙাইগাঁও জিলাত ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান পালন কৰা হ’ব৷ ইয়াৰ অধীনত ৫ বছৰৰ তলৰ সকলো শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব৷ এই প্ৰতিষেধক জন্ম হওঁতেই দিয়া প্ৰতিষেধকৰ অতিৰিক্তভাৱে দিব লাগিব৷ এই অভিযানত নিৰ্দিষ্ট প্ৰতিষেধক কেন্দ্ৰৰ লগতে ঘৰে ঘৰে গৈও প্ৰতিষেধক প্ৰদান কৰা হ’ব৷ বস্তি অঞ্চলত প্ৰতিষেধক প্ৰদানৰ বাবে ভ্ৰাম্যমাণ গোট গঠন কৰা হ’ব৷ জিলাখনৰ মুঠ ৪৮৭টা বুথ আৰু ২২টা ট্ৰেনজিট পইণ্টযোগে  এই প্ৰতিষেধক প্ৰদান কৰা হ'ব৷ বঙাইগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰে৷

যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত সংবাদমেলত সঞ্চালকগৰাকীয়ে কয় যে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীয়ে শিশুসকলক এই প্ৰতিষেধক প্ৰদান কৰিব৷ এই প্ৰতিষেধকক লৈ শংকিত নহ’বলৈকো অভিভাৱকসকলক আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷ সংবাদমেলত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন বৈশ্য, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনুৰাণী ৰাজবংশী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ ভাস্কৰ মেধি, ডাঃ দেৱানন্দ বণিক্য, ডি এম ই পম্পী কলিতা আদি উপস্থিত থাকে৷

Your Comments