বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
ফাদিল হৈছে কৰিমগঞ্জ জিলা কংগ্ৰেছৰ সভাপতিৰ গোপন পত্ৰ। কৰিমগঞ্জ জিলা কংগ্ৰেছ সভাপতি সেতু ৰয়ে দলীয় হাইকমাণ্ডলৈ লিখা গোপন চিঠিত কৈছে যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ জিলাত উপযুক্ত প্ৰাৰ্থী নাই। আনহাতে, চিঠিখনত ৰয়ে দলীয় টিকটৰ দাবীদাৰ স্বৰূপ দাসৰ অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰত খেলিমেলি আছে বুলি উল্লেখ কৰি তেওঁক টিকট নিদিবলৈও অনুৰোধ কৰিছে হাইকমাণ্ডক।
ফাদিল হোৱা চিঠিখনক লৈ সম্প্ৰতি কৰিমগঞ্জ জিলা কংগ্ৰেছত ব্যাপক প্ৰতিক্রিয়াৰ সৃষ্টি হৈছে। সচেতন মহলৰ একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে কৰিমগঞ্জ জিলাত বিজেপি নাইবা এআইইউডিএফৰ সৈতে মেচ ফিক্সিং কৰিছে নেকি কংগ্ৰেছ দলে? ইয়াৰ মাজতে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ধুবুৰীত নিৰ্বাচন খেলিব বুলি কোৱাক লৈও বিভিন্ন মহলত উপৰোক্ত ধৰণৰ চৰ্চা প্ৰবলভাৱে হৈছে।
- Log in to post comments
- 31 views