গোলাঘাটত গ্ৰেপ্তাৰ ১৯ সুৰা ব্যৱসায়ী 

golaghat_tregedy

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাটত বৰ্তমানলৈকে ৫৮ জন সুৰাপায়ী মৃত্যু আৰু প্ৰায় ৯৮ জন চিকিৎসাধীন হৈ থকাৰ পিছত যেন সাৰ পাইছে গোলাঘাটৰ আবকৰী তথা আৰক্ষী বিভাগ। সাৰ পাইয়ে তৎপৰ হৈ পৰিছে অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ। যুদ্ধংদেহীভাৱে কৰা এই অভিযানত গোলাঘাটৰ দাঁতি কাষৰীয়া অঞ্চলত উচ্ছেদ হ'ল বহু অবৈধ সুৰাৰ ঘাটি।

মহিলাকে ধৰি গ্ৰেপ্তাৰ কৰিলে মুঠ ১৯ জনকৈ সুৰা ব্যৱসায়ীক। বিগত সময়ত  গোলাঘাটত ক্ৰমাৎ বৃদ্ধি পোৱা এই অবৈধ সুৰাৰ ঘাটিসমূহৰ বিষয়ে বিভিন্ন সময়ত দল-সংগঠনসমূহে প্ৰতিবাদেৰে মাত মাতি অহাৰ পিছতো গা লৰা নাছিল চৰকাৰ বা প্ৰশাসনৰ। তেনে অৱস্থাত দেশ কঁপোৱা এনে মৰ্মান্তিক ঘটনাৰ পিছত চৰকাৰে লোৱা এই তৎপৰতাক সচেতন ৰাইজে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাঁপি বুলিহে ক্ষোভ প্ৰকাশ কৰিছে।

Your Comments