বাতিল হ'ব পাৰে ২০ কোটি পান কাৰ্ড। যিসকল লোকে তেওঁলোকৰ পান ৩১ মাৰ্চৰ ভিতৰত আধাৰৰ সৈতে সংযুক্ত নকৰে, তেওঁলোকৰ পান কাৰ্ড আয়কৰ বিভাগে বাতিল কৰিব পাৰে।উল্লেখ্য যে আয়কৰ বিভাগে ইতিমধ্যে ৪২ কোটি পান কাৰ্ড জাৰি কৰিছে।ইয়াৰ ভিতৰত অৰ্ধেক পানধাৰীয়েহে নিজৰ পান আধাৰৰ সৈতে সংযুক্ত কৰিছে।
গতিকে, অন্য ২০ কোটিতকৈ অধিক পান কাৰ্ড অস্তিত্বৰ সংকট।কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডৰ অধ্যক্ষ সুশীল চন্দ্ৰই উল্লেখ কৰিছে যে যিসকল লোকে ৩১ মাৰ্চৰ ভিতৰত আধাৰৰ সৈতে পান সংযুক্ত নকৰে,তেওঁলোকৰ পান বাতিল হ'ব পাৰে।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আধাৰৰ সৈতে পান সংযোগৰ অন্তিম তাৰিখ ৩১ মাৰ্চ।
- Log in to post comments
- 1093 views
