সংসদটো উমান পোৱা গ'ল 'ছাৰ্জিকেল স্ট্ৰাইক' আধাৰিত ছুপাৰহিট ছবি 'উৰি'ৰ জনপ্ৰিয়তাৰ।আজি লোকসভাত অন্তৱৰ্তীকালীন বাজেট উত্থাপনৰ সময়ত ভাৰপ্ৰাপ্ত বিত্তমন্ত্ৰী পীযুষ গোৱেলে ছবি উদ্যোগৰ বিকাশৰ লক্ষ্যৰে চৰকাৰে 'ছিংগল ৱিণ্ড ক্লিয়াৰেন্স' ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বিষয়ে উল্লেখ কৰে।
লগতে তেওঁ উল্লেখ কৰে যে উৰি ছবিখন তেওঁ যথেষ্ট উপভোগ কৰিছে।গোৱেলে এনেদৰে কোৱাৰ লগে লগে তেওঁৰ পিছফালে বহি থকা মন্ত্রী ৰাজ্যবৰ্ধন সিং ৰাথোড় আৰু অন্যান্য বিজেপি সাংসদ সকলে উৰিৰ বিখ্যাত সংলাপ 'হাও ইজ দ্য জোছ'ৰ শ্লোগান দিবলৈ ধৰে।সেই সময়তে টিভি স্ক্ৰীনত দেখুৱা হয় বিজেপি সাংসদ পৰেশ ৰাৱালক।উল্লেখ্য যে ৰাৱালে উৰিত 'ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰামৰ্শদাতা' অজিত ডোভালৰ চৰিত্র ৰূপায়ণ কৰিছে।
- Log in to post comments
- 26 views