বৰ্তমান বলীউডত প্ৰখ্যাত ব্যক্তিৰ জীৱন আধাৰিত ছবি নিৰ্মাণৰ 'ট্রেণ্ড' চলি আছে।ইতিমধ্যে নিৰ্মাণ হৈ ছবিঘৰলৈ আহিল দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ,মণিকৰ্ণিকা,থাকৰে।ইয়াৰ পিছত এতিয়া নির্মাণ আৰম্ভ হৈছে ৰাজনীতি ক্ষেত্ৰৰ আন এজন বিখ্যাত ব্যক্তিত্বৰ জীৱন ভিত্তিক ছবিৰ ।মনমোহন সিঙৰ প্ৰধানমন্ত্ৰিত্বৰ কাল চলচ্চিত্ৰত প্ৰত্যক্ষ হোৱাৰ পিছত পিছত এতিয়া আন এজন প্ৰধানমন্ত্ৰীৰ জীৱন ৰূপালী পৰ্দাত দৃশ্যমান হ'ব।
এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱন কাহিনীক লৈ ছবি নিৰ্মাণ আৰম্ভ হৈছে।চলচ্চিত্ৰখনৰ নাম 'পিএম নৰেন্দ্ৰ মোডী'।ইতিমধ্যে দৃশ্যগ্ৰহণ আৰম্ভ হৈছে ছবিখনৰ।সোমবাৰে চলচ্চিত্ৰখনৰ দৃশ্য গ্ৰহণ আৰম্ভ কৰা হয় গুজৰাটৰ আহমেদাবাদত।'মেৰি কম' খ্যাত পৰিচালক উমংগ কাপুৰে পৰিচালনা কৰা 'পি এম নৰেন্দ্ৰ মোডী'ত প্ৰধানমন্ত্ৰী মোডীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা বিবেক অবেৰয়ে।ছবিখনত নৰেন্দ্ৰ মোডীৰ চাহ বিক্ৰী কৰা দিনৰ পৰা প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা দিনলৈকে পৰিক্ৰমা প্ৰদৰ্শন কৰা হ'ব।
বিবেকৰ সৈতে ছবিখনত অভিনয় কৰিব বোমান ইৰানী,দৰ্শন কুমাৰে।ছবিখনৰ মুক্তিৰ দিনৰ বিষয়ে এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই যদিও ২৩টা ভাষাত নিৰ্মাণ হোৱাৰ বিষয়ে নিশ্চিত কৰা হৈছে।'পিএম নৰেন্দ্ৰ মোডী'ৰ দৃশ্য গ্ৰহণ ভাৰতৰ বিভিন্ন প্ৰান্তত কৰা হ'ব।ছবিখনৰ পোষ্টাৰ জানুৱাৰীৰ আৰম্ভণিত মুকলি কৰা হৈছে।প্ৰধানমন্ত্ৰী মোডীৰ অনুৰাগীসকলে নিশ্চিতভাৱে এতিয়াৰ পৰাই অপেক্ষা কৰিবলৈ ধৰিছে চিনেমাখনৰ মুক্তিৰ দিনটোলৈ।
- Log in to post comments
- 18 views