ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
হোজাই জিলা কবি সন্মিলনৰ উদ্যোগত আজি ডবকাৰ মৌলানা আব্দুল জলিল চৌধুৰী স্মৃতি ভৱনত কাব্যসখী আতৰ আলী চৌধুৰীৰ স্মৃতিত "বিষণ্ণ সময়ৰ কবিতা" নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত আতৰ আলী চৌধুৰীৰ স্মৃতিত বহু কেইগৰাকী কবিয়ে স্বৰচিত কবিতা পাঠ কৰি কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷
সভাত কবিতা পাঠ আৰু আতৰ আলী চৌধুৰীৰ জীৱনৰ ওপৰত আলোকপাত কৰি বক্তব্য আৰু কবিতা পাঠ কৰে ডঃ হাছিনুচ চুলতান, বদৰুল ইছলাম বেগ, মুস্তাফা আহমেদ, মিনতি দেৱী, ৰফিক উদ্দিন, ৰিয়াজুল আলম পাটোৱাৰী, বাহাৰ উদ্দিন, শ্বাহিদুল হক চৌধুৰী, মহি উদ্দিন, জমিৰ উদ্দিন তালুকদাৰসহ কে'বাগৰাকী ব্যক্তিয়ে৷ কবি আতৰ আলী চৌধুৰীৰ বৰ্ণিল জীৱনৰ ওপৰত আলোকপাত কৰি স্মৃতিচাৰণ কৰে তেওঁৰে পুত্ৰ মেহবুব আহমেদ চৌধুৰীয়ে৷ সভাখনত সমল ব্যক্তিৰূপে উপস্থিত থকা বিশিষ্ট কবি বদৰুল ইছলাম বেগ আৰু ডঃ হাছিনুচ চুলতানে পঠিত কবিতাৰ সমালোচনা আগবঢ়ায়৷
ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে বিগত বৰ্ষৰ ২৮ অক্টোবৰত আতৰ আলী চৌধুৰীৰ মৃত্যু হৈছিল৷ তেওঁৰ মৃত্যু তিথি ২৮ অক্টোবৰৰ দিনা প্ৰতিবছৰে বিষণ্ণ সময়ৰ কবিতাৰূপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে হোজাই জিলা কবি সন্মিলনে৷ লগতে তেওঁৰ দ্বাৰা ৰচিত ৰূপালী নদীৰ ঢৌ, তৃষ্ণা, দিয়া চলাইৰ কবিতা, শব্দৰ পখিলাক একত্ৰিত ৰূপত সংকলিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতান আৰু সম্পাদক জমিৰ উদ্দিন তালুকদাৰে৷
- Log in to post comments
- 27 views