বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

পশ্চিম অসমৰ বঙাইগাঁও জিলাৰ নাৰী শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ, গৰিমামণ্ডিত বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ সামৰণী অনুষ্ঠান আজিৰে পৰা তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে৷ ফলত মহাবিদ্যালয়খনত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ৷ উল্লেখ্য যে বিগত ১৯৯৩ চনৰ ২০ আগষ্টত বঙাইগাঁৱৰ স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীৰ নেতৃত্বত বৃহত্তৰ বঙাইগাঁও অঞ্চলৰ শিক্ষানুৰাগী ৰাইজে বঙাইগাঁও চহৰত নাৰী শিক্ষাৰ এই উচ্চ প্ৰতিষ্ঠানখন প্ৰতিষ্ঠা কৰিছিল৷

বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

ইপিনে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা মহাবিদ্যালয়ৰ নৱনিৰ্মিত মুখ্য তোৰণখন উন্মোচনেৰে কাৰ্যসূচী মুকলি কৰে তোৰণ দাতা পৰিয়ালৰ হৈ সাহিত্যক পেঞ্চনাৰ ডঃ সান্ত্বনাময়ী মজুমদাৰে৷ ইয়াৰ পিচতে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুলিন চৌধুৰীয়ে আৰু ৰূপালী জয়ন্তী উৎসৱৰ মূল পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি ফণীভূষণ চৌধুৰীয়ে৷

বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

ইয়াৰ সমান্তৰালকৈ মহাবিদ্যালয়খনৰ ছাত্ৰী একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদিকাসকলৰ দ্বাৰা আন ২৪খন পতাকাও উত্তোলন কৰা হয়৷ আনহাতে, ছহিদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে বঙাইগাঁও বীৰঝৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ মৃগেন দাসে৷ গছপুলি ৰোপণ কৰে প্ৰাক্তন সাংসদ তথা অধিবক্তা সত্যেন্দ্ৰ নাথ ব্ৰহ্মচৌধুৰী আৰু জ্যেষ্ঠ নাগৰিক নাৰায়ণ দাসে৷ এই কাৰ্যসূচীসমূহৰ পিচতে অনুষ্ঠিত হয় স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান৷

বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ডঃ গগন শৰ্মাই সঞ্চালনা কৰা স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ৰূপালী জয়ন্তী উদ্‌যাপন সমিতিৰ উপ-সভাপতি তৰুণ চৌধুৰীয়ে৷ অনুষ্ঠানত বিগত ২৹১৬ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটাপ্ৰাপক তথা চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বীৰহাসগিৰি বসুমতাৰীয়ে উন্মোচক হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা 'সৌদামিনী' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে৷ উন্মোচকগৰাকীয়ে স্মৃতিগ্ৰন্থ উন্মোচনী ভাষণত ছাত্ৰীসকলক উদ্দেশ্যি কয়, "আমি যি কাম কৰোঁ সেই কামখিনি যদি শ্ৰদ্ধাসহকাৰে কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি সফলতা লাভ কৰিবলৈ সক্ষম হ'ম৷" সেয়ে তেওঁ ছাত্ৰীসকলক সকলো কাম শ্ৰদ্ধাসহকাৰে কৰিবলৈ আহ্বান জনায়৷

বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

লগতে তেওঁ কয় যে আজিৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নৱপ্ৰজন্মৰ মাজত প্ৰতিভাৰ অভাৱ নাই৷ সেয়ে তেওঁলোকৰ প্ৰতিভাখিনি উলিয়াই আনিবলৈ যত্ন কৰিব লাগে আৰু তেওঁলোকেও নিজৰ কামৰ প্ৰতি শ্ৰদ্ধাৱান হ'ব লাগে বুলি কয়৷ বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰা বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে আনাগত দিনত মহাবিদ্যালয়খনে কেৱল বঙাইগাঁও জিলাতে নহয়, বৰং অসম তথা ভাৰতবৰ্ষত সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি পুলিন চৌধুৰী, ৰূপালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি ফণীভূষণ চৌধুৰী, মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদিকা নলিনী দাস বৈশ্য, স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ উপদেষ্টা তথা বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ ৰূপাঞ্জলী দেৱী, সভাপতি অজিত কুমাৰ দাস আদিৰ লগতে অন্যান্য ব্যক্তিসকলো উপস্থিত থাকে৷

বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

স্মৃতিগ্ৰন্থখনৰ সম্পাদকত্ৰয় হ'ল ডঃ গগণ শৰ্মা (অসমীয়া বিভাগ), ধীৰেন্দ্ৰনাথ ৰায় সিংহ (বাংলা বিভাগ) আৰু ডঃ কল্পনা কলিতা দাস (ইংৰাজী বিভাগ)৷ অনুষ্ঠানত বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গোপেশ্বৰ তালুকদাৰৰ অনুবাদ গ্ৰন্থ 'কবিৰ কথামৃত শতক' শীৰ্ষক গ্ৰন্থখনো বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে উন্মোচন কৰে৷ ইপিনে প্ৰাক্তন ছাত্ৰীৰ দ্বাৰা প্ৰকাশিত স্মৰণিকা উন্মোচন কৰে প্ৰাক্তন ছাত্ৰী ডঃ তেজস্বিনী নাথে৷ সেইদৰে প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে জিলা উপায়ুক্ত বাবুলাল শৰ্মাই৷ অন্যান্য কাৰ্যসূচীৰ ভিতৰত বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী 'তনয়া'ৰ বেটুপাত অংকন প্ৰতিযোগিতা, কাৰ্টুন অংকন প্ৰতিযোগিতা, থিতাতে লিখা কবিতা প্ৰতিযোগিতা, মহাবিদ্যালয় প্ৰতিষ্ঠাৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা, প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক-কৰ্মচাৰীৰ সৈতে অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত হয়৷ অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান সঞ্চালনা কৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ভাস্কৰ শীলে৷

বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

সন্ধিয়া বন্তি প্ৰজ্বলন অনুষ্ঠানত মুখ্য বন্তি প্ৰজ্বলক হিচাপে প্ৰাক্তন ছাত্ৰী ৰশ্মি পাঠকে বন্তি প্ৰজ্বলন কৰে৷ আনহাতে, সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে৷ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা আৰু জুবিন গাৰ্গে মুখ্য আকৰ্ষণীয় শিল্পী হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰিব বুলি উদ্‌যাপন সমিতিয়ে জানিবলৈ দিছে৷ কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান, প্ৰাক্তন ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ, কবি সন্মিলন আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব৷

সাংস্কৃতিক অনুষ্ঠানত হাৰিকেন গাৰ্লছ আৰু সুবাসনা দত্তই মুখ্য আকৰ্ষণীয় শিল্পী হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰিব৷ ইপিনে মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উৎসৱত উপস্থিত হৈ প্ৰাক্তন ছাত্ৰীসকলে লগৰ সহপাঠী আৰু বান্ধবীসকলক লগ পাই পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে আনন্দত মতলীয়া হৈ পৰে৷

Your Comments