আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি আদিবাসী জাতীয় পৰিষদে আহ্বান জনোৱা অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে কোকৰাঝাৰ জিলাত । বন্ধৰ সময়ছোৱাত যান-বাহনৰ চলাচল বন্ধ থকাৰ লগতে দোকান-পোহাৰ, হাট-বজাৰ, অনুষ্ঠান-প্ৰতিষ্ঠানো বন্ধ থাকে । ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল স্তব্ধ হৈ পৰাৰ লগতে ভাৰত-ভূটান সংযোগী পথতো যান- বাহনৰ চলাচল বন্ধ হৈ পৰে ।
বন্ধৰ সময়ছোৱাত জিলাখনৰ কাৰিগাঁৱৰ নিকটৱৰ্তী আমগুৰিত একাংশ বন্ধ সমৰ্থক ৰাজপথলৈ ওলাই আহি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু বন্ধ সমৰ্থকসকলক খেদি পঠিয়াবলৈ সক্ষম হয়। ইফালে, আদিবাসী জাতীয় মহাসভাৰ সভাপতি বয়েল হেমব্ৰমে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক আগন্তুক বাজেট অধিৱেশনত গৃহীত নহ'লে বিজেপিক শূন্যৰ ঘৰলৈ নমাই অনা হ'ব বুলি মন্তব্য কৰে।ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰা জনজাতি সংগঠনসমূহকো সকীয়াই দিয়ে ।
জনজাতিকৰণ নহ'লে ৰাজ্যৰ পৰিস্থিতি অশান্তিময় কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে হেমব্ৰমে।হেমব্ৰমে কংগ্ৰেছ আৰু বিজেপি, দুয়োটা দলকে প্ৰতাৰক আখ্যা দি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঘোৰ বিৰোধিতা কৰে।
- Log in to post comments
- 19 views