গোলাঘাট জিলা কাৰাগাৰত অনশনকাৰী ৩ ছাত্ৰ নেতাৰ স্বাস্থ্যৰ অৱনতি

গোলাঘাট জিলা কাৰাগাৰত অনশনকাৰী ৩ ছাত্ৰ নেতাৰ স্বাস্থ্যৰ অৱনতি

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

গোলাঘাট জিলা বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰা কাৰ্যত অভিযুক্ত তিনি ছাত্ৰ নেতা ক্ৰমে সদৌ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰে যোৱা ১১ জানুৱাৰীৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাৰাগাৰৰ ভিতৰতে আমৰণ অনশনৰ কাৰ্যসূচী হাতত লৈছিল।

আজি তিনিওজন ছাত্ৰ নেতাৰে স্বাস্থ্যৰ অৱনতি হোৱাত গোলাঘাট আৰক্ষীয়ে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। উল্লেখ্য যে ছাত্ৰ নেতাকেইজনক গ্ৰেপ্তাৰ কৰা দিন ধৰি বিভিন্ন দল-সংগঠনে নেতাকেইজনৰ মুক্তিৰ দাবী তুলি প্ৰতিবাদ কৰি আহিছিল যদিও চৰকাৰ বা প্ৰশাসনে এই পৰ্যন্ত কোনো ব্যৱস্থা নোলোৱাত সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে।

Your Comments