বঙাইগাঁৱত মজদুৰ ইউনিয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

বঙাইগাঁৱত মজদুৰ ইউনিয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

দেশৰ আন আন প্ৰান্তৰ লগতে আজি বঙাইগাঁৱতো উত্তৰ-পূব সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস উদ্‌যাপন কৰা হয়৷ এই উপলক্ষে বিশ্বৰ যুৱকসকলৰ অনুপ্ৰেৰণাৰ প্ৰতীক স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়৷ ইয়াৰ পিছতে মূল সভাখন আৰম্ভ হয়৷ সভাত ভাষণ প্ৰদান কৰি ইউনিয়নৰ কেন্দ্ৰীয় উপ-সভাপতি ফণীধৰ দাসে কয় যে যুৱশক্তি হৈছে যিকোনো সংগঠনৰ চালিকাশক্তি৷

বঙাইগাঁৱত মজদুৰ ইউনিয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

যুৱ শক্তিবিহীনভাৱে কোনো সংগঠন চলিব নোৱাৰে৷ তেওঁ স্বামী বিবেকানন্দৰ ১৫৭সংখ্যক জন্মজয়ন্তীৰ দিনা শ্ৰমিকৰ স্বাৰ্থৰ হকে সমুহ যুৱককে একগোট হ'বলৈ আহ্বান জনায়৷ এই সভাত ইউনিয়নৰ কেন্দ্ৰীয় সহ-সম্পাদক তন্ময় শক্তি ৰাহা, নিউ বঙাইগাঁও শাখাৰ সভাপতি মনোৰঞ্জন নায়ক, সম্পাদক মৃণাল শীল, যুৱনেতা ৰাকেশ শ্বাহকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Your Comments