১ আগষ্টৰ পৰা নটসূৰ্য নাট সমাৰোহ

১ আগষ্টৰ পৰা নটসূৰ্য নাট সমাৰোহ

ৰাজ্যৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান 'নটসূৰ্য'ৰ  উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়, অসমৰ সহযোগত ‘নটসূৰ্য'ৰ ত্ৰিবিংশতিতম্ বাৰ্ষিক সাতদিনীয়া নাট সমাৰোহখন অহা ১ আগষ্টৰ পৰা ৭ আগষ্টলৈকে আয়োজন কৰা হৈছে। এই কথা শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলযোগে ঘোষণা কৰে নটসূর্য গোষ্ঠীয়ে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই নাট সমাৰোহৰ এইবাৰৰ মুখ্য আকৰ্ষণ হ’ব লব্ধপ্রতিষ্ঠিত পৰিচালক মনোজ  যোশীৰ দ্বাৰা পৰিচালিত আৰু অভিনীত তথা মিহিৰ ভূটাৰ দ্বাৰা ৰচিত নাটক 'চাণক্য'।নাট সমাৰোহখনি উদ্বোধন কৰিব অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰাই।

এই নাট সমাৰোহতে গিয়াচউদ্দিন আহমেদ আৰু নুৰুদ্দিন আহমেদক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব বুলিও উদ্যোক্তাসকলে জনায়। নাট সমাৰোহৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

আনহাতে, বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে অসমৰ ছবি জগতৰ ভালেসংখ্যক ব্যক্তিও উপস্থিত থাকিব বুলি সংবাদমেলত সদৰী কৰে উদ্যোক্তাসকলে।

Your Comments