নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৰবাৰীৰ আমতল গাঁৱৰ এগৰাকী দুটি সন্তানৰ মাতৃ ৰহস্যজনকভাবে সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী প্ৰণৱ কলিতাই জানিবলৈ দিয়া মতে, যোৱা ১৬ ডিচেম্বৰৰ পৰাই নিজৰ দুটা সন্তানক এৰি থৈ তেওঁৰ পত্নী পম্পী দেৱী (জান) ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে।
অৱশ্যে স্হানীয় ৰাইজে পাৰিবাৰিক কন্দলৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি ব্যক্ত কৰে। কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান পালে ৯৬৭৮২ ৬০৬৪৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বামী প্ৰণৱ কলিতাই।
- Log in to post comments
- 18 views