নগাঁৱৰ ৩ চৰকাৰী শিক্ষানুষ্ঠানত ৪৫টাৰো অধিক শিক্ষকৰ পদ খালী

নগাঁৱৰ ৩ চৰকাৰী শিক্ষানুষ্ঠানত ৪৫টাৰো অধিক শিক্ষকৰ পদ খালী

নগাঁৱৰ পৰা ৱাহিদুদ জামান

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ শিক্ষা খণ্ডৰ উত্তৰণৰ বাবে প্ৰচেষ্টা চলাই থকাৰ সময়তে চৰকাৰী শিক্ষানুষ্ঠানসমূহত বহু শিক্ষকৰ পদ খালী হৈ থকা ঘটনাই চৰকাৰখনৰ আন এক বিপৰীত ছবিহে প্ৰতিফলিত কৰিছে। এই চৰকাৰী শিক্ষানুষ্ঠানসমূহত দীৰ্ঘদিন ধৰি বহু শিক্ষকৰ পদ খালী থকাত পাঠদান প্ৰক্ৰিয়া ব্যাহত হৈ পৰিছে।

আনকি এনে বহু চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ বহু ছাত্ৰ-ছাত্ৰী ইচ্ছুক যদিও শিক্ষকৰ অভাৱত সীমিতসংখ্যক ছাত্ৰ-ছাত্ৰীকহে নামভৰ্তিৰ সুবিধা দিবলৈ সক্ষম হৈছে। অথচ এই শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিকে ধৰি সকলো সুবিধা এই শিক্ষানুষ্ঠানসমূহত আছে।

এক সুন্দৰ পৰিবেশ থকাৰ পিছতো প্ৰয়োজনীয় শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱৰ বাবেই চৰকাৰী খণ্ডৰ এই শিক্ষানুষ্ঠানসমূহত পাঠদান প্ৰক্ৰিয়া ব্যাহত হৈ পৰিছে। যাৰবাবেই উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আশাপ্ৰদ নহয়। এই শিক্ষানুষ্ঠানসমূহৰ শিক্ষকৰ খালী পদ পূৰণৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন হৈ আহিছে যদিও চৰকাৰে এই বিষয়ত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

শিক্ষাৰ মানদণ্ড উন্নত কৰা আৰু গুণগত শিক্ষা প্ৰদানৰ বাবে চৰকাৰে গুণোৎসৱকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও চৰকাৰী খণ্ডৰ এই শিক্ষানুষ্ঠানসমূহৰ শিক্ষকৰ খালী পদ পূৰণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে অসমত সম্পূৰ্ণ চৰকাৰী খণ্ডৰ ৩১খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাৰিখন উচ্চ মাধ্যমিক বিদ্যালয় আছে।

ইয়াৰে তিনিখন নগাঁও জিলাত আছে। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাঁও আৰবান হাইস্কুলত ৪৫টাৰো অধিক শিক্ষকৰ পদ খালী আছে । ইয়াৰে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত ১৫টা, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ২০টাৰো অধিক আৰু নগাঁও আৰবান হাইস্কুলত ১০টাৰো অধিক শিক্ষকৰ পদ খালী আছে।

এই শিক্ষানুষ্ঠানসমূহৰ পৰা চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ পৰা ২০১৯ বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত বহু কেইগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অৱসৰ ল'ব । ফলত আৰু বহু শিক্ষকৰ পদ খালী হৈ পৰিব। শিক্ষা বিভাগৰ এক সূত্ৰই জনোৱামতে, ২০০৪ বৰ্ষৰ পৰাই এই চৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তি দিয়া হোৱা নাই।

বিগত কংগ্ৰেছ চৰকাৰৰ আমোলতো এই শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। শিক্ষাৰ মানদণ্ড উন্নত কৰিব বিচৰা বৰ্তমানৰ ৰাজ্য চৰকাৰখনক এই শিক্ষানুষ্ঠানসমূহত শীঘ্ৰে শিক্ষক নিযুক্তি দিবলৈ সচেতন মহলে দাবী জনাইছে।

Your Comments