কমতা সাহিত্য ৰত্ন অম্বিকাচৰণ চৌধুৰীৰ সপ্তম বাৰ্ষিক স্মৃতি দিৱস অহা ৪ ডিচেম্বৰত বৰপাৰাস্থিত ৰত্নপীঠ ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে উদ্যাপিত হ'ব ৷
কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প আৰু ৰত্নপীঠ প্ৰকাশনৰ যৌথ উদ্যোগত আয়োজন কৰা স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱাৰ ভাগত কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰিব সাংস্কৃতিক প্ৰকল্পৰ সভাপতি সত্যনাৰায়ণ ৰায়ে ৷
ইয়াৰ পিচতে কমতাৰত্নৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব সহধৰ্মিণী কুলদা চৌধুৰীয়ে ৷ গছপুলি ৰোপণ কৰিব বঙাইগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হৰেন্দ্ৰ চন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷
দুপৰীয়া আইনাম পৰিৱেশন কৰিব পুৰণি বঙাইগাঁও আৰু বৰপাৰাৰ আইনাম দলে ৷ আবেলি অনুষ্ঠিত হ'ব স্মৃতিচাৰণ সভা ৷ সভাত বঙাইগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তিনিগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক কমতাৰত্ন অম্বিকাচৰণ চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান কৰাৰ লগতে ৰত্নপীঠ প্ৰকাশনৰ ২০১৯ বৰ্ষপঞ্জী উন্মোচন কৰা হ'ব ৷
একেদৰে উন্মোচন কৰা হ'ব 'কমতাৰত্ন' স্মৰণিকাৰ ৮ম সংখ্যা ৷ স্মৰণিকাখন উন্মোচন কৰিব লেখক, নিবন্ধকাৰ তথা বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি কৰুণাকান্ত ৰায়ে ৷
অনুষ্ঠানত চোকাপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেশৱ চন্দ্ৰ ৰায়ে নিৰ্দিষ্ট বক্তা আৰু বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত ৰায় আৰু চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তৰণীকান্ত ৰায়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৷
অনুষ্ঠানৰ লগত সংগতি ৰাখি সমবেত সংগীত পৰিৱেশন কৰা হ'ব ৷ আনহাতে, সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব কোচ ৰাজবংশী মহিলা সন্মিলনীৰ বঙাইগাঁও জিলা সমিতিৰ সভানেত্ৰী জ্যোৎস্নাপ্ৰিয়া দেৱী আৰু সাংস্কৃতিক প্ৰকল্পৰ সাধাৰণ সম্পাদিকা পূৰ্ণিমা চৌধুৰীয়ে ৷
- Log in to post comments
- 114 views