নগাঁও জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ আক্ৰান্তৰ সংখ্যা

নগাঁও জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ আক্ৰান্তৰ সংখ্যা

নগাঁৱৰ পৰা ৱাহিদুদ জামান

সমগ্ৰ ৰাজ্যত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ সময়তে নগাঁও জিলাতো এইডছ আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে । জিলাখনত প্ৰতি বছৰে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ অহা ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ।

স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, নগাঁও জিলাত এইচ আই ভি আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ৬ শতাধিক । এনে ৰোগীৰ ভিতৰত মহিলা আৰু শিশুও আছে । সূত্ৰটোৱে জনোৱা মতে, জিলাখনত এইচ আই ভি পজিটিভ মহিলাৰ সংখ্যা প্ৰায় ৪০গৰাকী । আনহাতে, এই ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা ১০টোৰো অধিক ।

চৰকাৰে প্ৰতি বছৰে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বুজন পৰিমাণৰ ধন ব্যয় কৰি আহিছে যদিও ৰাজ্যখনৰ লগতে নগাঁও জিলাতো এই ৰোগ নিয়ন্ত্ৰণত সফল হ'ব পৰা নাই । স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, অসুৰক্ষিত যৌন সম্পৰ্ককে ধৰি কেইবাটাও কাৰণত এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।

নগাঁও জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ আক্ৰান্তৰ সংখ্যা

বহিঃৰাজ্যৰ ট্ৰাক চালকসকলৰ জৰিয়তে ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁও জিলাতো এই ৰোগৰ সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে । জিলাখনৰ বিভিন্ন প্ৰান্তত থকা লাইন হোটেল, ধাবা আদিত অসুৰক্ষিত যৌন সম্পৰ্কৰ ঘটনা সংঘটিত হোৱাৰ ফলত এইডছ আক্ৰান্তৰ পৰিমাণ বাঢ়িছে ।

এনেবোৰ লাইন হোটেল, ধাবাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ইপিনে, এই ৰোগ নিয়ন্ত্ৰণৰ বাবে নগাঁও জিলাত "আকিঞ্চন" আৰু "ঘৰুৱা" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান দুটাই সজাগতাৰ সৃষ্টি কৰি আহিছে যদিও অনুষ্ঠান দুটাই সজাগতাৰ নামত দুই-এখন সভা-সমিতি পাতিয়েই নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উঠিছে ।

তদুপৰি, মাজে মাজে এইডছ সজাগতাৰ নামত দুই-এটা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । এইডছ সজাগতাৰ নামত অনুষ্ঠান দুটাই চৰকাৰৰ পৰা প্ৰতি বছৰে বুজন পৰিমাণৰ ধন লাভ কৰি অহাৰ পিছতো নগাঁও জিলাত এইডছ নিয়ন্ত্ৰণত চৰকাৰ কিয় সফল হ'ব পৰা নাই সেয়া এক অবুজ সাঁথৰ ।  আনহাতে, 'পিৰামল স্বাস্থ্য প্ৰকল্প আহানা-২-এ ' ( পি পি টি চি টি) আঁচনিৰ অধীনত জিলাখনত গৰ্ভৱতী মহিলাৰ এইচ আই ভি সন্দৰ্ভত কাম কৰি আহিছে বুলি জানিব পৰা হৈছে ।

আনহাতে, স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে, নগাঁও, মৰিগাঁও, হোজাই জিলাৰ প্ৰায় ৭৩০গৰাকী এইচ আই ভি আক্ৰান্ত ৰোগীয়ে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এ আৰ টি কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰি আছে । 

আজি বিশ্ব এইডছ দিৱসৰ আগদিনা প্ৰকাশ পোৱা নগাঁও জিলাৰ এই ভয়াৱহ তথ্য‌ই সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে ।

Your Comments