নামৰূপৰ পৰা সমীৰণ বৰুৱা
নামৰূপ-নাহৰকটীয়া আৰক্ষীৰ এক বৃহৎ সাফল্য ৷ শুকুৰবাৰে নাহৰকটীয়াৰ আচাবাম চাহ বাগিচাত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ডসহ তিনিজন ডকাইতক শনিবাৰে অতি কৌশলেৰে আটক কৰে নামৰূপ আৰু নাহৰকটীয়া আৰক্ষীয়ে ।
নাহৰকটীয়াৰ আচাবাম চাহ বাগিচাত শুকুৰবাৰে সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত তিনিজন ডকাইতক আজি অতি তৎপৰতাৰে আটক কৰে নামৰূপ আৰক্ষীয়ে ।
শুকুৰবাৰে ইউনাইটেড বেংক অব্ ইণ্ডিয়াৰ নাহৰকটীয়া শাখাৰ পৰা সতীশপুৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে দৰমহা কঢ়িয়াই নিয়া টাটা চুমু গাড়ীত আচাবাম চাহ বাগিচাৰ সমীপত ধাৰাষাৰ গুলীবৰ্ষণ কৰি ধৃত ডকাইতৰ দলটোৱ লুট কৰি নিছিল ৪ লাখ ৮০ হেজাৰ টকা ।
এই ঘটনাৰ ২৪ ঘণ্টা পূৰ নহওঁতেই নামৰূপৰ উপ-আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত নামৰূপ-নাহৰকটীয়াৰ এক বৃহৎ আৰক্ষীৰ দলে শনিবাৰে জয়পুৰ অসমীয়া গাঁৱৰ পৰা ঘটনাৰ মাষ্টৰ মাইণ্ড পলাশ গগৈ, চাচনীৰ পৰা লক্ষী ঢেকীয়াল আৰু প্ৰদীপ চুতীয়াক অতি কৌশলেৰে আটক কৰে ।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নামৰূপ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫ ধাৰা আৰ ডব্লিউ ধাৰা (১)(ক)/২৭(২) অস্ত্ৰ আইন ধাৰাৰ অধীনত ১৭২/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি ধৃত ডকাইতকেইটাক জে'ল হাজোতলৈ প্ৰেৰণ কৰে ।
ইফালে এই ঘটনাৰ লগত জড়িত আন দুজন মাষ্টাৰ মাইণ্ড তৰুণ গগৈ আৰু কৰুণা গগৈ ওৰফে গুণ্ডা এতিয়া পলাতক । আৰক্ষী সূত্ৰই শীঘ্ৰে পলাতক দুজন ডকাইতৰ লগতে লুট কৰি নিয়া ধন আৰু ঘটনাত ব্যৱহৃত অস্ত্ৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।
ইতিমধ্যে আৰক্ষীয়ে তৰুণ গগৈ আৰু কৰুণা গগৈৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে ।
- Log in to post comments
- 133 views