ৰজনী কান্ত, অক্ষয় কুমাৰ, আদিল হুছেইন আদি অভিনীত বহু প্ৰতীক্ষিত ব্যয়বহুল বলীউডৰ ছবি "টু পইণ্ট অ'"ৱে প্ৰথম দিনাই সংগ্ৰহ কৰিছে ১০০ কোটি টকা ৷
সমগ্ৰ বিশ্বৰ ১০ হাজাৰোধিক ছবিগৃহত বৃহস্পতিবাৰে মুক্তিলাভ কৰা সুভাস্কৰণ প্ৰযোজিত আৰু শংকৰ পৰিচালিত থ্ৰী ডি ছবিখন উপভোগ কৰিবলৈ প্ৰথম দিনাই ছবিঘৰত ভিৰ কৰে অগণন দৰ্শকে ৷
দেশী-বিদেশী চলচ্চিত্ৰপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা বলীউডৰ ইতিহাসৰ ব্যয়বহুল ছবি হিচাপে পৰিগণিত টু পইণ্ট অ'ৰ প্ৰতি দৰ্শকে দেখুওৱা এনে ধৰণৰ আগ্ৰহে ছবিখনক বলীউডৰ অন্যতম ব্লক ব্লাষ্টাৰ ছবিৰ দিশে আগবঢ়াই নিব বুলি ইতিমধ্যে ছবি সমালোচক তথা ব্যৱসায়িক সংস্থাসমূহে মন্তব্য কৰিছে ৷
উল্লেখ্য যে দক্ষিণৰ ছবি জগতৰ অবিসম্বাদী সম্ৰাট ৰজনী কান্ত, বলীউডৰ একচন গুৰু অক্ষয় কুমাৰ, মঞ্চ তথা ছবি জগতৰ বলিষ্ঠ অভিনেতা অসম সন্তান আদিল হুছেইন আৰু দেশা-বিদেশী বহুকেইগৰাকী তাৰকা, শিল্পী, কলা-কুশলীৰ অভিনয়-অংশগ্ৰহণেৰে নিৰ্মিত ছবিখন উপভোগ কৰিবলৈ মুক্তিৰ প্ৰথম দিনটোতেই ১০ লাখ দৰ্শকে টিকট বুক কৰে ৷
ছবিখনৰ সংগীত পৰিচালক এ আৰ ৰহমান ৷ প্ৰায় ৫৪৩ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ কৰা টু পইণ্ট অ' ছবিখন ইতিমধ্যে ভাৰতীয় ছবিৰ ইতিহাসত সৰ্বাধিক ব্যয়বহুল ছবি হিচাপে পৰিগণিত হৈছে ৷
- Log in to post comments
- 21 views