মৰিগাঁৱত নিৰ্বাচনী আচৰণ বিধিৰ সম্পৰ্কত ৰাজনৈতিক দল আৰু উপায়ুক্তৰ সভা 

ে

মৰিগাঁৱৰ পৰা জিতুমনি নাথ
মৰিগাঁৱত নিৰ্বাচনী আচৰণ বিধিৰ সম্পৰ্কত ৰাজনৈতিক দল আৰু জিলা প্ৰশাসনৰ মাজত কালি সন্ধিয়া এক গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে মানি চলিব লগীয়া আচৰণ বিধিৰসমূহৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰা হয়।

তদুপৰি নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰু শোভাযাত্ৰা আদি উলিওৱা ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলে জিলা প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি লোৱাটো বাধ্যতামূলক । ভিতৰুৱা অঞ্চলসমূহৰ ক্ষেত্রত স্থানীয় চক্ৰ বিষয়া অথবা আৰক্ষী বিষয়াৰ পৰা অনুমতি বিচাৰিব পাৰিব বুলি মন্তব্য কৰে উপায়ুক্ত ঋতুৰাজ বৰাই।

অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, ছয়েদ তাহিদুৰ ৰহমান, অৰুপ পাঠক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাসকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দল নেতাই অংশগ্ৰহণ কৰা সভাখনত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুবুল গগৈয়ে আইন শৃংখলা ৰক্ষা কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলকে আহ্বান জনায় ।

Your Comments