মৰিগাঁৱত গ্ৰন্থ উন্মোচনী সভাত উদীয়মান কবি পলী মজুমদাৰৰ কাব্যগ্ৰন্থ উন্মোচন 

a

মৰিগাঁৱৰ পৰা জিতুমনি নাথ
মৰিগাঁৱৰ উদীয়মান কবি পলী মজুমদাৰৰ নৱতম কাব্যসৃষ্টি "জোনাকত বুটলা শব্দ" শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কবি হৰেন্দ্ৰ বৰাই। মৰিগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পোনাদেৱী  মহন্তই বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাখন সঞ্চালনা কৰে  মৰিগাঁও জিলা কবি মঞ্চৰ সভাপতি প্ৰদীপ পৰাশৰে ।

সভাত  মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি-সাহিত্যিক ডঃ নৱকান্ত বৰদলৈ, সাহিত্যিক, প্ৰবন্ধকাৰ মিলেশ্বৰ পাটৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় উপসভানেত্ৰী চন্দ্ৰলেখা লাহন, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জয়ন্ত কুমাৰ ডেকা, মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা লিপিকা বৰুৱা, পৌৰপতি মধুস্মিতা গোহাঁই ডেকা, ডাঃ অজিত দলৈ  আদি কৰি কেইবাজনো বক্তাই ভাষণ প্ৰদান কৰে। গ্ৰন্থখন উন্মোচনক কবি হৰেন্দ্ৰ বৰাই কবিতা আৰু কাব্য সাহিত্যৰ ওপৰত আলোকপাত কৰাৰ লগতে আজি অসমীয়া ভাষা সাহিত্য ভঁৰালত নৱ সংযোজন হোৱা পলী মজুমদাৰৰ "জোনাকত বুটলা শব্দ" শীৰ্ষক কাব্যগ্ৰন্থখনি পঢ়ুৱৈ সমাজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে।

মৰিগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা পৰমেশ্বৰী ডেকাই আঁত ধৰা সভাখনত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমনি গোস্বামী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্ত আদি কৰি কেইবাজনো ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

মৰিগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰচাৰ সম্পাদিকা, লেখিকা পলী মজুমদাৰে আদৰণি ভাষণ প্ৰদান কৰা গ্ৰন্থ উন্মোচনী সভাখনত শান্তনু বৰুৱা, নুৰ মহম্মদ, স্মৃতিৰেখা গোহাঁইকে প্ৰমুখ্যে কৰি ভালেমান কবি-সাহিত্যিক, কাব্যপ্ৰেমী উপস্থিত থাকে । আনহাতে সভাৰ  মাজতে  কন্ঠশিল্পী মনি মজুমদাৰে গীত পৰিবেশন কৰি ৰাইজক আপ্লুত কৰে ।

Your Comments