ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
সামাজিক মাধ্যম ফেচবুকত এটি সাম্প্ৰদায়িক অডিঅ' বাৰ্তা প্ৰচাৰক লৈ হোজাই জিলাৰ যমুনামুখত এক উত্তেজনাময় পৰিৱেশৰ বিৰাজ কৰে ৷ এই বিতৰ্কিত অডিঅ' বাৰ্তাটো আজি সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে পুৱাৰ ভাগত যমুনামুখ চহৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী গাওঁবোৰত এক উত্তেজনাময় পৰিৱেশৰ বিৰাজ কৰে ৷
সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচৰা যুৱকজনৰ বিৰুদ্ধে স্থানীয় ৰাইজে যমুনামুখ থানা ঘেৰাও কৰি বিভিন্ন শ্লোগান দি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ যমুনামুখৰ ৰবি দাসৰ পুত্ৰ পংকজ দাসে এই বিতৰ্কিত অডিঅ' যোগে সাম্প্ৰদায়িক সংঘৰ্ষৰ উচটনি দিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ পংকজ দাসে অডিঅ'টোত মুছলমান লোকক পালেই হত্যা কৰিবলৈ ভাবুকি প্ৰদান কৰিছিল ৷
পংকজ দাস আৰু তাৰ সংগোপাংগোসকলে ভাবুকি ভৰা অভিযোগ দিছিল বুলি অভিযোগত প্ৰকাশ ৷ টেলিফোনিক ভাবুকিটোৰ ৰেকৰ্ডিং আজি চ'ছিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ ইয়াকে লৈ আজি দিনৰ ভাগত যমুনামুখ বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰাইজে যুৱকজনৰ পুত্তলিকাও দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগে লগে হোজাই জিলা আৰক্ষীৰ উপ-অধীক্ষক জ্যোতিৰঞ্জন নাথ ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হোজাই আৰক্ষীয়ে বিতৰ্কিত পোষ্ট কৰা যুৱকজনক গ্ৰেপ্তাৰ কৰি পৰিস্থিতি শান্ত কৰে ৷
- Log in to post comments
- 39 views