মঙলদৈ চিৰ সেউজ কৃৰ্ষি পাম সমাবায় সমিতিৰ বাৰ্ষিক প্রতিষ্ঠা দিৱসৰ প্রস্তুতি

a

মঙলদৈৰ পৰা উজ্জ্বল জ্যোতি ডেকা
ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত দৰং জিলাৰ একাংশ অক্লান্ত কৰ্মীৰ উদ্যোগত ১৯৮৬ চনৰ ২৬ নবেম্বৰত গঠন হৈছিল চিৰ সেউজ কৃষি পাম সমাবায় সমিতি । মঙলদৈ মোৱামাৰীস্থ সমৱায় সমিতিখনে অহা ২৫ আৰু ২৬ নবেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ৩২ সংখক বাৰ্ষিক প্রতিষ্ঠা দিৱস উদযাপনৰ আয়োজন কৰিছে। কাৰ্যসূচী অনুসৰি ২৫ নবেম্বৰৰ পুৱা ৮ বজাত সমূহীয়া চাফাই, ১০ বজাত বৃক্ষৰোপন, ১২ বজাত সাধাৰণ সভা আৰু সন্ধিয়া ৬ বজাত বন্তি প্রজ্বলনেৰে প্রথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰিব ।

২৬ নবেম্বৰৰ দিনা পুৱা ৭বজাত সমবায়ৰ পতাকা উওোলন কৰিব চিৰ সেউজ কৃৰ্ষি পামৰ সভাপতি বসুন্ধৰ ডেকাই । ৮ বজাত ছহিদ তৰ্পন কৰিব সদৌ দৰং জিলা ছাত্র সন্হাৰ সভাপতি খনিন্দ্র ৰাজবংশীয়ে । ৯-৩০ বজাত হ'বলগীয়া সাংস্কৃতিক শোভাযাত্রাৰ পিছতেই ১১ বজাত প্রাক্তন ছাত্র নেতা প্রেমেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা ।

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু স্থানীয় বিধায়ক গুৰুজ্যোতি দাস মুখ্য অতিথি হিচাপে থাকিব লগীয়া মুকলি সভাখন উদ্বোধন কৰিব  চিৰ সেউজ কৃৰ্ষি পামৰ প্রতিষ্ঠাপক  যোগেন নাথে সমবায় সমিতিসমূহৰ জিলা উপ-পঞ্জীয়ক হেৰম্ব কুমাৰ গায়ন, জিলা কৃষি বিষয়া নীল কান্ত ডেকা আৰু জিলা পশুপালন আৰু চিকিৎসা বিষয়া খগেন্দ্র নাথ শৰ্মাই বিশষ্ট অতিথি হিচাপে অংশগ্রহন কৰিবলগীয়া সভাত মঙলদৈ মহকুমা কৃৰ্ষি বিষয়া ইফতিকাৰ আহমেদ নুৰী, কৃৰ্ষি বিষয়া ৰবীন্দ্র ভূঞা, আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাকে ধৰি ভালে কেইজন আমন্ত্রিত অতিথিয়ে সভাত ভাগ ল'ব । সন্ধিয়া ৫ বজাত  প্রাক্তন ছাত্র নেতা তুলসী শইকীয়াই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক সমাৰোহৰে কাৰ্যসূচীৰ অন্ত পৰিব ।

Your Comments