কামপুৰৰ তেতেলিসৰা পঞ্চায়ত নিৰ্বাচনৰ ৬দিন ধৰি ভোট বৰ্জনৰ প্ৰতিবাদ

s

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা

বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে অসম গণ পৰিষদৰে গঠিত তেতেলিসৰা গাঁও পঞ্চায়তৰ সভাপতি তথা পঞ্চায়তখনৰ মুৰবীসকলৰ বিৰুদ্ধে এই প্ৰতিবাদ । ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে পঞ্চায়তখনৰ ৭ নম্বৰ ৱাৰ্ডৰ ভোটাৰ ৰাইজে । তথাপিও কাণষাৰ নাই স্থানীয় প্ৰশাসনৰ। ৬টা দিনত উপস্থিত নহ'ল প্ৰশাসনৰ মুৰবীসকল ।

বিজেপি মুৰ্দ্দাবাদ; অগপ মুৰ্দ্দাবাদ; তেতেলিসৰা পঞ্চায়ত মুৰ্দ্দাবাদ ধ্বনিত উত্তাল প্ৰতিবাদ বঢ়মপুৰ সমষ্টিৰ তেতেলিসৰা পঞ্চায়ত । ৬টা দিন ধৰি ধাৰাবাহিকভাৱে নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা পঞ্চায়তৰ ৭ নম্বৰ ৱাৰ্ডৰ একাংশ পুৰুষ-মহিলাৰ হাতত বেনাৰ ফেষ্টুন লৈ শাসনাধিষ্ঠ বিজেপি চৰকাৰ অগপ দল আৰু স্থানীয় পঞ্চায়তখনৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰি আহিছে । উল্লেখ্য যে কঠীয়াতলী উন্নয়ন খণ্ডৰ ১২৬ নং তেতেলিসৰা পঞ্চায়তৰ ৭নম্বৰ ৱাৰ্ডৰ এটা পথ যোৱা বৰ্ষত পঞ্চয়তখনে নিৰ্মাণ কৰিছিল ।

এই পথটো নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ কাৰণে স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল । ৰাইজে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত আৰু স্থানীয় পঞ্চায়তখনক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাছিল । পঞ্চায়তৰ নিৰ্ব্বাচনৰ ৰণডংকা বজাৰ সময়তে এই প্ৰতায়িত লোকসকল ক্ষোভিত হৈ পৰে আৰু পঞ্চায়ত নিৰ্ব্বাচন বৰ্জনৰ সিদ্ধান্ত লয় ।

Your Comments