নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
১৯৪৭ চনতেই গৃহৰক্ষীসকলৰ বাবে প্ৰণয়ন কৰা আইন আজিলৈকে সংশোধন কৰা নহ'ল । দেশ স্বাধীনৰ পাছত বহু আইন সংশোধন কৰা হ'ল যদিও স্বাধীনতাৰ পাছৰ সময়ছোৱাত গৃহৰক্ষীসকলে ত্যাগৰ মনোভাৱৰে চৰকাৰক সহায় কৰাৰ উপৰি দেশৰ জৰুৰীকালীন অৱস্থাতো চৰকাৰ-প্ৰশাসন সুচাৰুৰূপে পৰিচালনাত সহায়ৰ ত্ৰুটি কৰা নাই গৃহৰক্ষীসকলে । ইমানৰ পাছতো অশেষ ত্যাগ স্বীকাৰ কৰি নিৰাপত্তাত নিয়োজিত হৈ থকা গৃহৰক্ষী বাহিনীটোৰ প্ৰতি আজি পৰ্যন্ত কোনো চৰকাৰৰ সহানুভূতি দেখা নগ'ল ।
"এনেদৰেই ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ নগাঁও জিলা সমিতিয়ে । সন্থাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে হিফজুৰ ৰহমান আৰু চিদ্দিৰাম নাথে এক বিবৃতি যোগে জনাইছে যে ইমান দিনে আইন প্ৰণয়ন কৰাটো দূৰৰ কথা, অসম চৰকাৰে শেহতীয়াকৈ গৃহৰক্ষীসকলৰ প্ৰশিক্ষণৰ প্ৰমাণ-পত্ৰৰ ম্যাদ ৪ বছৰৰ পৰা ৩ বছৰলৈ হ্ৰাস কৰিলে । তদুপৰি গৃহৰক্ষীত নিযুক্তি লাভৰ বাবে পুনৰ মকৰলৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেয়াও দুৰ্ভাগ্যজনক ।
কিয়নো গৃহৰক্ষী বাহিনীত নিযুক্তি লাভৰ ক্ষেত্ৰত সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি লাভ কৰাৰ পাছত তিনি বছৰৰ পাছত পুনৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ নতুন নিয়ম প্ৰৱৰ্তন কৰি জ্যেষ্ঠসকলক এক প্ৰকাৰৰ প্ৰৱঞ্চনা কৰিছে বুলিও সন্থাৰ নেতৃত্বই অভিযোগ কৰিছে । অসম আৰক্ষীৰ ক্ষেত্ৰত এই নীতিৰ ব্যতিক্ৰমী অভিযোগ বুলি অভিযোগ কৰি সন্থাৰ সভাপতি আৰু সম্পাদকে কয় যে আৰক্ষীৰ লোকৰ ক্ষেত্ৰত অকল বিশেষ প্ৰশিক্ষণৰ জৰিয়তে পুনৰ কৰ্তব্যত মকৰল কৰোৱাৰ ব্যৱস্থা আছে ।
যিহেতু গৃহৰক্ষীসকলে আৰক্ষীৰ দৰেই একে সাজ-পোছাক পিন্ধি হাতত বন্দুক লৈ কৰ্তব্য পালন কৰে । তেনে ক্ষেত্ৰত গৃহৰক্ষীসকলৰ বাবে ইমান বৈষম্য কিয় বুলি সন্থাই প্ৰশ্ন অৱতাৰণা কৰে । সন্থাই গৃহৰক্ষীসকলৰ পুনৰ নিৰ্বাচন পদ্ধতি উঠাই দি আৰক্ষী বাহিনীৰ দৰে বিশেষ প্ৰশিক্ষণৰ জৰিয়তে পুনৰ কৰ্তব্যত মকৰল কৰোৱাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক দাবী জনাইছে । এই ক্ষেত্ৰত বিধানসভা আৰু লোকসভাত সাংসদ-বিধায়কসকলে নতুন আইন প্ৰণয়ন কৰাৰ বাবে ব্যৱস্থা ল'বলৈয়ো দাবী জনালে ।
- Log in to post comments
- 53 views