মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ত আজি অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী বিদায় অনুষ্ঠান । দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদায় পৰ্বত সচাৰচৰ দেখা দৃশ্য দেখা নগ'ল মৰিগাঁৱৰ এইখন ঐতিহ্যমণ্ডিত বিদ্যালয়ত ৷
মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শৈক্ষিক অধ্যক্ষা ৰেখামণি বুঢ়াগোহাঁইৰ নেতৃত্বত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে মিলি এক বিদ্যায়তনিক দিশেৰে পাতিলে বিদায় পৰ্ব ৷
এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই অভিন্দন জ্ঞাপন কৰিলে মৰিগাঁৱৰ পৰা এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সাফল্য অৰ্জন কৰা মৰিগাঁৱৰ ৩ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী মনীষা কলিতা, কৃষাণজ্যোতি ডেকা আৰু সন্তোষ নাথক ।
এই উপলক্ষে মৰিগাঁও বিদ্যালয়সমূহৰ পৰিৰ্দশক তথা মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ তিলক চন্দ্ৰ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হয় এখন সভা । বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত শৈক্ষিক অধ্যক্ষা ৰেখামণি বুঢ়াগোহাঁয়ে আঁতধৰা সভাখনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সাফল্য অৰ্জন কৰা তিনিওজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সফলতা আৰু প্ৰস্তুতি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ।
মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি জগদীশ নাথে সভাত অংশগ্ৰহণ কৰি এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰছাত্ৰীসকলক যথেষ্ট অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে ।
আনহাতে এইবাৰ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাত স্বচ্ছতা থকাৰ কথা উল্লেখ কৰি এই স্বচ্ছতা অব্যাহত থাকিলে লোকসেৱা আয়োগৰ প্ৰতি ৰাইজৰ আস্থা অটুট থাকিব বুলি মন্তব্য কৰে সদ্য এচিএছপ্ৰাপ্ত তিনি মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে ।
উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সাফল্য অৰ্জন কৰা মনীষা কলিতাৰ ঘৰ যোৰহাটত যদিও পিতৃৰ কৰ্মসূত্ৰে মৰিগাঁৱতে অধ্যয়নস্থলী আছিল ৷ কিষাণজ্যোতি ডেকাৰ ঘৰ মৰিগাঁৱৰ কুমৈ কছাৰী গাঁৱৰ আৰু সন্তোষ নাথৰ ঘৰ হৈছে মৰিগাঁও নগৰৰ সমীপৰ নটুৱাগাঁৱত ।
- Log in to post comments
- 10 views