বঙাইগাঁৱত ৰাস মহোৎসৱৰ প্ৰস্তুতি

বঙাইগাঁৱত ৰাস মহোৎসৱৰ প্ৰস্তুতি

বঙাইগাঁও বাৰোৱাৰী পূজা সমিতিৰ উদ্যোগত অহা ২৩ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ এঘাৰদিনীয়া বিভিন্ন কাৰ্যসূচীৰে স্থানীয় গান্ধী ময়দানত শ্ৰীশ্ৰীকৃষ্ণৰ ৯৮ সংখ্যক ৰাস মহোৎসৱ উদযাপিত হ'ব ৷

ইতিমধ্যে  ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে ৷ উল্লেখ্য যে ২৩ নৱেম্বৰৰ বিয়লি পাঁচ বজাত বয়োজ্যেষ্ঠ নাগৰিক অজিত কুমাৰ মজুমদাৰে ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰিব ৷

বঙাইগাঁৱত ৰাস মহোৎসৱৰ প্ৰস্তুতি

ইয়াৰ পিচতে অনুষ্ঠিত হ'ব উদ্বোধনী সভা ৷ বাৰোৱাৰী পূজা সমিতিৰ সভাপতি লক্ষ্মীকান্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী সভাত বঙাইগাঁও জিলাৰ উপায়ুক্ত বাবুলাল শৰ্মাই মুখ্য অতিথি আৰু জিলা আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৷

আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ আচাৰ্য্য জয়ন্ত শৰ্মা শাস্ত্ৰী উপস্থিত থাকিব ৷

ৰাস মহোৎসৱ উপলক্ষে গান্ধী ময়দানত অনুষ্ঠিত হ'ব এখন মেলাও ৷ মেলাথলীত ইতিমধ্যে বিভিন্ন সা- সামগ্ৰীৰ দোকান, মনোৰঞ্জনৰ সামগ্ৰী আদি থাকিব ৷
 

Your Comments