২২ নৱেম্বৰৰ পৰা বঙাইগাঁও জিলাত মিছন ইন্দ্ৰধনুষৰ অধীনত প্ৰথম পৰ্যায়ৰ টীকাকৰণ 

s

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ নিৰ্দেশ মৰ্মে বঙাইগাঁও জিলাতো বৃহস্পতিবাৰৰ পৰা সপ্তাহযোৰা কাৰ্যসূচীৰে মিছন ইন্দ্ৰধনুষ-২০১৮ৰ অধীনত প্ৰথম পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷ এই উপলক্ষে আজি বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত জিলা টাস্ক ফৰ্চৰ এখন সভা অনুষ্ঠিত হয় ৷

উল্লেখ্য যে যিবিলাক ৰাজ্যত ৫০ শতাংশতকৈ কম শিশু টীকাকৰণ কৰা হৈছে, সেইবিলাক ৰাজ্যত মিছন ইন্দ্ৰধনুষৰ অধীনত নিয়মীয়া টীকাকৰণৰ পৰা ৰৈ যোৱা বা বাদ পৰি যোৱা শিশুক টীকাকৰণ কৰা হ'ব ৷ বিশেষকৈ জন্মৰ পৰা দুই বছৰৰ ভিতৰৰ যিসকল শিশু বিচিজি, পেন্টাভেলেন্ট, অৰেল পলিঅ', ৰোটা ভাইৰাছ, জে ই, আই পি ভি আদি টীকাৰ পৰা বাদ পৰি গৈছে, সেইসকল শিশুক মিছন ইন্দ্ৰধনুষৰ অধীনত টীকাকৰণ কৰা হ'ব ৷ ইয়াৰ বাবে জিলাখনত থকা ২৩টা ইটাভাটা এলেকা সামৰি যি অঞ্চলৰ শিশু নিয়মীয়া টীকাকৰণৰ পৰা বাদ পৰি  গৈছে সেই অঞ্চলত গৈ এ এন এম নাৰ্চে ভেকচিন দিব ৷ এইক্ষেত্ৰত অংগনৱাডী কেন্দ্ৰসমূহো অন্তৰ্ভূক্ত হ'ব ৷

বঙাইগাঁও জিলাত নিয়মীয়া টীকাকৰণৰ পৰা ৰৈ যোৱা ৩৬৯টি শিশু আৰু ৬৭ গৰাকী গৰ্ভৱতী মহিলাক মিছন ইন্দ্ৰধনুষৰ অধীনত টীকাকৰণ কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে লক্ষ্য বান্ধি লৈছে ৷ সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, চিকিৎসা বিষয়া তথা সমাজ কল্যাণ বিভাগৰ বিষয়া আদি উপস্থিত থাকে৷

Your Comments