হাতীচোং জিলা পৰিষদত অগপ-কংগ্ৰেছ-বিজেপিৰ মাজত হ'ব আৰ্কষণীয় যুঁজ 

ে

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
নগাঁও জিলাৰ সৰ্বমুঠ ২৯ টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত অন্যতম ১০নং হাতীচোং জিলা পৰিষদ সমষ্টিত তুংগত উঠিছে অগপ, বিজেপি, কংগ্ৰেছকে ধৰি বিভিন্ন দলীয়-নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান। বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতীচোং জিলা পৰিষদত আগন্তুক নিৰ্বাচনত জিলা পৰিষদৰ সদস্য পদৰ বাবে অগপ , বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত এক আৰ্কষণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ  সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

উল্লেখ্য যে, জিলা পৰিষদ সমষ্টিটোৰ বাবে অগপ দলে অৱন্তী দেৱী , বিজেপি দলে সীমা ৰেখা ভৰালী আৰু কংগ্ৰেছ দলে কুমকুম মহন্তক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ইয়াৰে কংগ্ৰেছ আৰু বিজেপি দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থী দুগৰাকী ৰাজনীতিৰ পথাৰত নতুন মুখ ৷ ইপিনে, আঞ্চলিক দল অগপই প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা অৱন্তী দেৱী হ’ল বিজেপি দলৰে টিকট বঞ্চিত জ্যেষ্ঠ নেত্ৰী৷নিজ হাতীচোং, মাজ জাজৰি, কুঁজীদাহ-জামুগুৰি, আইভেটী, ৰাইদঙীয়া, কাকমাৰী আৰু হাতীযুঁজুৱা -এই সাতখন গাঁও পঞ্চায়তক লৈ গঠিত হাতীচোং জিলা পৰিষদটো ইয়াৰ আগৰটো পঞ্চায়ত নিৰ্বাচনত অগপ দলে দখল কৰিছিল ৷ অৱশ্যে পাছত অগপৰ জিলা পৰিষদ ৰ সদস্য ৰোহিনী বৰাই  যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে বিজেপি দলত যোগদান কৰে ৷

সেই হিচাপে বৰ্তমান হাতীচোং জিলা পৰিষদ সমষ্টিটো শাসনাধিষ্ঠিত বিজেপিৰ দখলতে আছিল ৷ কিন্তু এইবাৰ সমষ্টিটো ধৰি ৰখাত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি দল ৷ কাৰণ অগপ দলে বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিসম্বাদৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা অৱন্তী দেৱীক ৰাতিটোৰ ভিতৰতে প্ৰাৰ্থীৰূপে থিয় কৰাইছে ৷ আজি কিছুদিন পূৰ্বে এইগৰাকী অৱন্তী দেৱীকেই নিজৰ স্কুটীৰ পিছৰ আসনত বহুৱালৈ ফুৰিছিল বিধায়িকা আঙুৰলতা ডেকাই ৷

আনহাতে, কংগ্ৰেছ দলে জিলা পৰিষদত প্ৰক্ষেপ কৰা কুমকুম মহন্ত মানুহৰ মাজত বৰ্তমানলৈকে অচিনাকি মুখ যদিও আইনৰ স্নাতক প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাক লৈ ৰাইজৰ মাজত এক ইতিবাচক প্ৰচাৰ দেখা গৈছে ৷ একেদৰে বিজেপিৰ প্ৰক্ষেপিত সীমাৰেখা ভৰালীও ৰাজনীতিৰ পথাৰত নতুন মুখ যদিও তেওঁ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ কেইদিনমান আগৰে পৰাই বহু মানুহৰ ঘৰে ঘৰে গৈ চা- চিনাকি হৈ নিজৰ প্ৰচাৰৰ দিশটো অলপ আগবঢ়াই থৈছে ৷

ইফালে গাঁও পঞ্চায়ত পৰ্যায়তো জিলা পৰিষদ সমষ্টিটোৰ অন্তৰ্গত প্ৰায় কেইখন পঞ্চায়ততে অগপ - বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰে সম্ভাৱনা ৷ কেৱল সংখ্যালঘু বসতিপ্ৰধান হাতীযুঁজুৱা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফ দলে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে ৷ বাকী কেইখন গাঁও পঞ্চায়তৰ বৰ্তমানলৈকে সামগ্ৰিকভাৱে দেখা পোৱা নিৰ্বাচনী ছবিখনত কাকমাৰী , জামুগুৰি-কুঁজীডাহ আৰু নিজ হাতীচোং আদিত বিজেপি দল যথেষ্ট পিছপৰি ৰৈছে।

Your Comments