৪৬ বছৰীয়া হ'ল নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । দেওবাৰে নৱপ্ৰজন্মৰ এইগৰাকী হিয়াৰ আমঠু শিল্পীৰ ৪৫সংখ্যক জন্ম দিৱস উপলক্ষে উত্তৰ-পূব গ্ৰন্থমেলাৰ বাকৰিত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ ৷
শ শ গুণমুগ্ধৰ উপস্থিতিত গ্রন্থমেলাৰ বাকৰিত কেক কাটি জন্মদিন উদ্যাপন কৰে জুবিনে । উল্লেখ্য যে উত্তৰ-পূব গ্ৰন্থমেলাৰ 'ব্ৰেণ্ড এম্বেছাডৰ' জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আয়োজন কৰে এই বিশেষ অনুষ্ঠানৰ ৷
অনুষ্ঠানত জুবিনৰ পত্নী গৰিমা গাৰ্গ প্ৰকাশিত জুবিনৰ কবিতাৰ সংকলন 'জুবিনৰ পদ্য' উন্মোচন কৰা হয় ৷ কবিতা পুথিখনৰ লগতে তেওঁৰ আহিবলগীয়া নতুন অসমীয়া কথাছবি কাঞ্চনজংঘাৰো পোষ্টাৰ মুকলি কৰা হয় ।
এই বিশেষ অনুষ্ঠানটোত জুবিন গাৰ্গ, পত্নী গৰিমা গাৰ্গৰ লগতে উপস্থিত থাকে পিতৃ কপিল ঠাকুৰ, বিশিষ্ট সাংবাদিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, লেখিকা অনুৰাধা শৰ্মা পূজাৰীকে ধৰি বহুতো গণ্য-মান্য ব্যক্তি ৷
মুঠ ২৭টা কবিতা সন্নিৱিষ্ট কবিতা পুথিখনত জুবিনৰ জীৱনৰ প্ৰথম কবিতাটোও (স্কুলত পঢ়ি থকা দিনত লিখা) আছে ৷ উল্লেখ্য যে জুবিনৰ জন্মদিন উপলক্ষে এখন গীটাৰ আকৃতিৰ কেকৰ আয়োজন কৰিছিল উত্তৰ-পূব গ্ৰন্থমেলা আয়োজক সমিতিয়ে ৷
অনুষ্ঠানত খেয়ালী মনৰ শিল্পীগৰাকীক সম্বৰ্ধনা জনায় গ্ৰন্থমেলা উদ্যোক্তাসকলে । উল্লেখ্য যে এই অনুষ্ঠানতে জুবিন-গৰিমাৰ ব্যক্তিগত পুথিভঁৰাললৈ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই বহুসংখ্যক মূল্যৱান গ্ৰন্থ উপহাৰ হিচাপে আগবঢ়ায় ৷
- Log in to post comments
- 46 views