নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্রণালয়ৰ অধীনত, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদৰ সহযোগত নগাঁৱৰ ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্ৰাম্য পুথিভড়াঁল সন্থাই ১৯৯২ চনৰ পৰাই জিলাখনত পৰিচালনা কৰি অহা পৰিয়াল পৰামৰ্শদান কেন্দ্ৰৰ এখনি পৰ্যালোচনা সভা মঙলবাৰে সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয় |
সভাখনিত সভাপতিত্ব কৰে সন্থাৰ কেন্দ্ৰীয় সভানেত্রী, অধিবক্তা বিভা ফুকনে | সভাত কেন্দ্ৰৰ বিগত সময়ৰ কাম-কাজ সম্পৰ্কত সদৌ অসম গ্ৰাম্য পুথিভড়াঁল কেন্দ্ৰৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্ম্মাই এক প্ৰতিবেদন পাঠ কৰে |
উল্লেখ্য যে ১৯৯২ চনৰ পৰা বৰ্তমান চলিত বৰ্ষলৈ যৌতুক, পাৰিবাৰিক হিংসা, বহু বিবাহ, মাদক দ্ৰৱ্য আদি সম্পৰ্কীয় সৰ্বমুঠ ১,৮৮৯টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ১,১৫৭টা গোচৰ মীমাংসা কৰা হয় বুলি সভাত অৱগত কৰে | সমাজৰ পৰা মাদক দ্ৰব্য প্ৰতিৰোধ, গাৰ্হস্থ্য হিংসা প্ৰতিৰোধ, বহু বিবাহ, অন্ধ বিশ্বাস, যৌতুক আদি সমস্যাসমূহ সমাধানৰ বাবে কেন্দ্ৰৰ জড়িয়তে ইতিমধ্যে জিলাখনৰ বিভিন্ন পিচপৰা অঞ্চলত দুশখনৰো অধিক সজাগতা সভা আয়োজন কৰি নিৰ্যাতিতা মহিলাসকলক সহায় কৰা হৈছে |
সভাত কেন্দ্ৰৰ পৰাৰ্মশদাতা অপৰাজিতা নাথ বৰা আৰু গীতেশ চন্দ্ৰ আৰ্যই পৰিয়াল পৰাৰ্মশদান কেন্দ্ৰৰ অগ্ৰগতি সম্পৰ্কে বক্তব্য প্ৰদান কৰাৰ লগতে আগন্তুক বৰ্ষত জিলাখনৰ বিভিন্ন প্ৰান্তত আৰু কেইবাখনো সজাগতা সভা আয়োজন কৰাৰ বাবে ব্যবস্থা গ্ৰহণৰ মতপোষণ কৰে |
সভাত অধিৱক্তা ডঃ শশীন্দ্ৰ বৰঠাকুৰ, অৱসৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া ডা: কমল লস্কৰ, সমাজ সেৱিকা দিপালী শইকীয়া, অণিমা বৰুৱা শৰ্ম্মাই অংশগ্ৰহণ কৰে |
উল্লেখ্য যে আজিৰ এই পৰ্যালোচনা সভাৰ লগতে বহু বিবাহ, যৌতুক আদি সম্পৰ্কীয় পাঁচটা গোচৰৰ শুনানি গ্ৰহণৰ শেষত উভয় পক্ষৰ মাজত আপোচ-মীমাংসা কৰা হয় |
- Log in to post comments
- 19 views