জ্যেষ্ঠ সাংবাদিক বসন্ত শৰ্মা গুৰুতৰভাৱে অসুস্থ : আশু আৰোগ্য কামনা শুভাকাংক্ষীৰ

জ্যেষ্ঠ১সাংবাদিক১বসন্ত১শৰ্মা১গুৰুতৰভাৱে১অসুস্থ১ো১আশু১আৰোগ্য১কামনা১শুভাকাংক্ষীৰ

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

যোৱা ৩০ অক্টোবৰত নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অধীনস্থ ঘাঁহীত এক পথ দুৰ্ঘটনাত পতিত হৈ জ্যেষ্ঠ সাংবাদিক তথা নগাঁৱৰ দক্ষিণপাট সত্ৰ নিৱাসী বসন্ত শৰ্মা বিগত আঠদিন ধৰি গুৱাহাটীৰ ছয়মাইলস্থিত জি এন আৰ চি হাতালৰ আই চি ইউত চিকিৎসাধীন হৈ থকা খবৰে উদ্বিগ্ন কৰি তুলিছে তেখেতৰ পৰিয়ালবৰ্গৰ লগতে শুভাকাংক্ষীসকলক ।

পৰিয়ালৰ সূত্ৰে জানিব পৰামতে, ৩০ অক্টোবৰৰ পুৱা শৰ্মাই তেওঁৰ ভাগিন অভয় গোস্বামীক নগাঁও চহৰস্থিত খ্ৰাইষ্টজ্যোতি বিদ্যালয়ত থ'বলৈ তেখেতৰ এ এছ-০১ বি এক্স-৩১২১ নম্বৰৰ মটৰচাইকেলেৰে গৈ থকা অৱস্থাত একেদিশেৰে আহি থকা এ এছ-০২ ভি-২৯৪৪ নম্বৰৰ এখন আই টেন গাড়ীয়ে খুন্দা মাৰে ।

ফলত মটৰচাইকেলসহ দুয়ো পথৰ পৰা বহু দূৰৈত ছিটিকি পৰে । দুৰ্ঘটনাটোৰ ফলত ভাগিন অভয় সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় যদিও শৰ্মাৰ মূৰৰ পৰা অত্যধিক হাৰত ৰক্তক্ষৰণ হ'বলৈ ধৰে । লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত শৰ্মাক ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনেৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেইদিনাই শৰ্মাক গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয় ।

বৰ্তমান কেইবাজনো বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত আই চি ইউ কক্ষতে শৰ্মাৰ চিকিৎসা চলাই থকা হৈছে । উল্লেখ্য যে এসময়ৰ বহুল প্ৰচলিত দৈনিক বাতৰিকাকত 'আজিৰ বাতৰি'ত নগাঁও জিলাৰ সংবাদদাতা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা বসন্ত শৰ্মাই সাপ্তাহিক কাকত ৰংপুৰ, নতুন সময় আদিতো সংবাদ সেৱাৰ লগতে নিৰৱচ্ছিন্নভাৱে প্ৰবন্ধ লিখি গৈছিল ।

জনপ্ৰিয় দৈনিক বাতৰিকাকত 'আজি' আৰু 'অগ্ৰদূত'ৰ উপ-সম্পাদকৰূপেও কৰ্মৰত আছিল শৰ্মা । পৰৱৰ্তী সময়ত বৈদ্যুতিন সংবাদ মাধ্যম প্ৰাইম নিউজ আৰু প্ৰাগ চেনেলত জ্যেষ্ঠ সাংবাদিকৰূপে কৰ্ম সম্পাদন কৰা শৰ্মাৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ শুভাকাংক্ষীসকলে ।
 

Your Comments