অসমৰ বিভিন্ন জিলাৰ লগতে হোজাই জিলাতো বহু পূৰ্বৰে পৰা ধৰ্মীয় ৰীতি-নীতিৰ যোগেদি পৰম্পৰাগতভাৱে পালন কৰি আহিছে দেৱী ষট্ মাৰ পূজা-অৰ্চনা ।
সকলো ভক্তৰ সমাবেশত আজি হোজাই জিলাৰ পামগাঁৱত এক বিস্তৃত কাৰ্যসূচীৰে মাতা কমলা দেৱী থানত আৰম্ভ হৈছে ষট্ পূজা ।
বিভিন্ন মনোকামনা লৈ আগমন হোৱা ভক্তসকলে বহু দূৰলৈ মাটিত বাগৰি ৰাইজৰ পদধূলি নিজ মস্তকত লৈ গন্তব্য স্থান অৰ্থাৎ দেৱী পূজাৰ থানলৈ যাত্ৰা কৰে ।
সম্পুৰ্ণ দুই দিন লঘোণে থাকি নিৰহংকাৰে পূজা-অৰ্চনা সমাপন কৰি দেৱীৰ মহা প্ৰসাদ গ্ৰহণ কৰি বিস্তৃত কাৰ্যসূচীৰে শুভাৰম্ভ কৰা দেৱীৰ পূজানুষ্ঠানৰ অভিলম্ব দিয়া হয় ।
- Log in to post comments
- 6 views