উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ছমাহ পূৰ্বে সংঘটিত আই টি চিৰ চিগাৰেটভৰ্তি ট্ৰাক ডকাইতি কাণ্ডৰ সৈতে জড়িত মূল নায়কজনক আজি ৰঙিয়া আৰক্ষীয়ে কৌশলেৰে আটক কৰিবলৈ সক্ষম হয় ৷
ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি উত্তৰ গুৱাহাটীৰ এই ডকাইতজনক ৰঙিয়া ৰে'ল ষ্টেচন এলেকাৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ৰঙিয়া থানাৰ আলহী হোৱা এই ডকাইতজনৰ নাম জিন্টু আলী (২৬) ৷
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ছমাহ পূৰ্বে এই জিন্টু আলীয়ে আন দহজন সহযোগীৰে লগ লাগি উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ৰখাই থোৱা এখন চিগাৰেটভৰ্তি ট্ৰাকৰ পৰা চিগাৰেটৰ সকলো কাৰ্টন লুট কৰি নিয়ে ।
তেওঁলোকে লুট কৰা চিগাৰেটসমূহ আন এখন ট্ৰাকত ভৰাই মিৰ্জালৈ লৈ যায় । পাছত তেওঁলোকে মিৰ্জা বজাৰ চ'কৰ প্ৰমিলা পাণ ভাণ্ডাৰৰ স্বত্ত্বাধিকাৰী পাণৰ পাইকাৰী বিক্ৰেতা মণি কলিতাৰ ওচৰত বিক্ৰী কৰে ৷
ডকাইতৰ দলটোৱে লুট কৰা চিগাৰেটখিনিৰে সৈতে ট্ৰাকখন বহুদিনলৈকে মিৰ্জাৰ ব্যৱসায়ীজনৰ ঘৰৰ চৌহদৰ সুৰক্ষিত স্থানত লুকুৱাই ৰাখিছিল বুলি জিন্টু আলীয়ে স্বীকাৰোক্তি দিয়ে ৷
লুট কৰা চিগাৰেটখিনিৰ মূল্য প্ৰায় ১ কৌটি টকা আছিল বুলি জানিব পৰা গৈছে ৷ মিৰ্জাৰ ব্যৱসায়ী কলিতাই ৫০ লাখ টকাৰ বিনিময়ত চিগাৰেটখিনি ক্ৰয় কৰিছিল বুলি জনা গৈছে ।
অৱশ্যে এই ঘটনাৰ লগত জড়িত কে'বাজনো এতিয়াও পলাতক বুলি জনা গৈছে । সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে চাংসাৰী থানাত গতাই দিছে ধৃত জিণ্টু আলীক ।
- Log in to post comments
- 9 views