কাহিনীৰ আধাৰ বলীউড তাৰকা সঞ্জয় দত্তৰ ঘটনাবহুল বাস্তৱ জীৱন৷ মুখ্য ভূমিকাত ৰণবীৰ কাপুৰ৷ পৰিচালনা ৰাজকুমাৰ হিৰাণীৰ৷ ছবিখনৰ নাম ‘সঞ্জু’৷ মুক্তিলাভৰ প্ৰথম দিনটোতে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল সঞ্জুৱে৷ ইতিমধ্যে ৩০০ কোটিৰ ক্লাবত ছবিখনে প্ৰৱেশ কৰিছে৷ তাৰবাবে প্ৰয়োজন হ’ল মাথোঁ এটা পষেকৰ। এক বিৰল বাণিজ্যিক সাফল্য। পৰ্যবেক্ষকসকলৰ দৃষ্টিত “অল টাইম ব্লকবাষ্টাৰ” হোৱাৰ দিশত অগ্ৰসৰ হৈছে ‘সঞ্জু’। ভাৰতবৰ্ষৰ লগতে মুঠ ৬৫খন দেশত সম্প্ৰতি ছবিখনৰ প্ৰদৰ্শন চলি আছে৷ ১৬সংখ্যক দিনটোত “সঞ্জু”ৰ উপাৰ্জন হয়গৈ ৩০৭ কোটি টকা৷ ৩০০ কোটিৰ ক্লাবত নাম জিলিকা আনকেইখন ছবি হ’ল ক্ৰমে ডংগল (৩৮৭.৩৭ কোটি), পিকে (৩৪.৮০ কোটি), টাইগাৰ জিন্দা হ্যে (৩৩৯.২৫ কোটি), বজৰংগী ভাইজান (৩২১ কোটি), পদ্মাৱত (৩০২.১৫ কোটি) আৰু চুলতান (৩০১.৫০ কোটি)৷
- Log in to post comments
- 16 views