বইটামাৰীত ছহিদ বিমল বৰুৱাক বি এছ এফৰ স্মৰণ

বইটামাৰীত ছহিদ বিমল বৰুৱাক বি এছ এফৰ স্মৰণ

সমগ্ৰ দেশতে ২১ অক্টোবৰত উদ্‌যাপিত হোৱা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ ছহিদ স্মৃতি দিৱসৰ অংশস্বৰূপে আজি ধুবুৰী জিলাৰ পাণবাৰীৰ বি এছ এফ কেম্পৰ উদ্যোগত বঙাইগাঁও জিলাৰ বইটামাৰীত ছহিদ বিমল বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

পাণবাৰীৰ ১১০নং বেটেলিয়নৰ উপ-অধিনায়ক হিমন্ত কুমাৰ কথিয়াল আৰু উপ-পৰিদৰ্শক আৰ নিবাসৰ নেতৃত্বত অহা দলটোৱে বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত ছহিদগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ আবুল কালাম আজাদ, ছহিদ ভাতৃ ইন্দ্ৰ বৰুৱা, সমাজকৰ্মী নীলমণি নাথৰ লগতে বিদ্যালয়খনৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । উল্লেখ্য যে বইটামাৰীৰ বৰখাতা গাঁৱৰ বিমল বৰুৱাই ১৯৯১ চনৰ ২১ ছেপ্টেম্বৰত জম্মু-কাশ্মীৰৰ সমীপত গ্ৰেণেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল । এই বীৰ ছহিদজনাক আজি এনেদৰে সোঁৱৰণ কৰে বি এছ এফে ।

Your Comments