চাপৰৰ পৰা ইমৰান আলম খান
শনিবাৰে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত চাপৰ উদ্দীপনা সমিতিৰ সৌজন্যত কৃতী ছাত্ৰ-ছাত্ৰীক বঁটা আৰু মানপত্ৰৰে সম্বর্ধনা জনোৱা হয় । সেই উপলক্ষে পুৱা সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি ডম্বৰুধৰ ৰায়ে ৷
চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ তছিম উদ্দিন আহমেদে । ১১ বজাৰ পৰা অনুষ্ঠিত সম্বর্ধনা সভাত সভাপতিত্ব কৰে সমিতিৰ স্থায়ী সভাপতি ডম্বৰুধৰ ৰায়ে ।
সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ডঃ তাপস মেধি, অ' এন জি চিৰ অভিযন্তা দীপক দাস, আযুব উদ্দিন আহমেদ, প্রাক্তন অধ্যক্ষ, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ধুবুৰী, প্রাক্তন অধ্যক্ষ অৰুণ কংশবনিক, সমাজসেৱক উদয় দাস, প্রাক্তন শিক্ষয়িত্ৰী মঞ্জুলা ৰায়, আলহাজ আব্দুল ৰেজাক, অৰুণ সিংহই ।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদ্দীপনা সমিতিৰ সম্পাদক ছোৰহাব আলী আহমেদ । সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যৎ গঢ়াৰ ওপৰত বিভিন্ন দিশত বক্তব্য আগবঢ়ায় ।
সভাত চাপৰ ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় ১০খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা ৭৮গৰাকী ছাত্ৰ-ছাত্ৰীক শৰাই আৰু মানপত্ৰৰে সম্বর্ধনা জনায় ।
সম্বর্ধনা অনুষ্ঠান পৰিচালনা কৰে উদ্দীপনা সমিতিৰ হৈ পিয়াৰ উদ্দিন আহমেদ আৰু জিয়াউৰ ৰহমানে । অনুষ্ঠানটোৰ এনে কাৰ্যক অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰে ৷
- Log in to post comments
- 88 views