আজিলৈকে উন্নীত নহ'ল জামুগুৰিহাটৰ গান্ধী পথাৰ-টেপাৰিবাৰী সংযোগী পথ

গান্ধী পথাৰ আৰু টেপাৰিবাৰী সংযোগী পথৰ দুৰৱস্থা ৷

জামুগুৰিহাটৰ পৰা প্ৰণৱ জ্যোতি ভট্টাচাৰ্য

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ গান্ধী পথাৰ আৰু টেপেৰাবাৰী সংযোগী পথটো আজিলৈকে মেৰামতি নহ’ল ৷ উল্লেখ্য যে ১৯৮৪ চনতেই এই ৰাস্তাটোৰ কাম হৈছিল ৷ কিন্ত তাৰ পিছত আজিলৈকে ৰাস্তাটো উন্নীত নহ'ল ৷

ৰাইজৰ অভিযোগ, যি সময়ত চৰকাৰে ৰাজ্য তথা দেশৰ পৰিৱৰ্তনৰ কথা কৈ আছে, তেনেস্থলত চৰকাৰৰ গড়কাপ্তানী বিভাগটোক গভীৰ নিদ্ৰাৰ পৰা কোনে জগাব ? 

Your Comments