বঙাইগাঁও সদৰ আৰক্ষী থানাৰ অৰ্ন্তগত নৰ্থ বইটামাৰীৰ দেৱানগাঁৱত সুৰাৰ বাবে সংঘটিত হৈছে এটাৰ পিছত এটাকৈ জঘন্য ঘটনা । গাঁওখনৰ সম্বাৰু সূত্ৰধৰৰ প্ৰহাৰত আহত হৈ শুকুৰবাৰে বানাতী সূত্ৰধৰৰ মৃত্যুৰ অন্যতম কাৰণো সুৰা ।
গাঁওখনৰ সূত্ৰধৰপাৰাত অবৈধভাৱে চুলাই মদৰ ৰমৰমীয়া বেহা চলি আছে । সন্ধিয়া হ'লেই সূত্ৰধৰপাৰাত সৃষ্টি হয় অবৰ্ণনীয় পৰিৱেশ । বহু কেইঘৰত চুলাইৰ আড্ডা বহে । সততে শুনা যায় চিঞৰ-বাখৰ তথা হুলস্থূলীয়া পৰিৱেশ ।
পাৰ্শ্বৱৰ্তী গাঁৱৰ পৰা সন্ধিয়া হ'লেই দেৱানগাঁও সূত্ৰধৰপাৰাত সুৰাপান কৰিবলৈ লোকৰ সোঁত ব'বলৈ ধৰে । বিভিন্ন লোকৰ বাসগৃহৰ উপৰি ৰাস্তাই-ঘাটে মুকলিকৈ সুৰাপান কৰি থকা দেখা যায় ।
অবাধে সুৰাৰ প্ৰচলন হোৱাৰ পিছতো আবকাৰী বিভাগ তথা জিলা প্ৰশাসন নীৰৱ-নিৰ্বিকাৰ । আবকাৰী বিভাগৰ একাংশ বিষয়াই মাজে-সময়ে কমিছন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হয় ।
জানিব পৰামতে, সম্বাৰু তথা বানাতীৰ বাসগৃহত প্ৰতিদিনে সুৰাৰ আড্ডা বহিছিল । স্বামী সম্বাৰুৰ উপৰি পত্নী বানাতী সূত্ৰধৰেও নিয়মিত মদ্যপান কৰিছিল । সম্বাৰু সূত্ৰধৰে বানাতী সূত্ৰধৰক প্ৰহাৰ কৰাৰ সময়তো দুয়োজন সুৰামত্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে ।
তাৰ পৰিণতিতে এনেধৰণৰ জঘন্য ঘটনা সংঘটিত হ'ল । সুৰাৰ আড্ডা বহাৰ বাবেই চুবুৰীটোত পৰকীয়া সম্পৰ্ক বৃদ্ধি পাবলৈ ধৰিছে । সামাজিক অৱক্ষয় ঘটিছে অঞ্চলটোত । ইমানৰ পিছতো নিমাত হৈ আছে অঞ্চলটোৰ সচেতন সমাজ ।
আৰক্ষী-প্ৰশাসনেও কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে । এনেদৰে থাকিলে অঞ্চলটোৰ সামাজিক পৰিৱেশৰ অধিক অৱক্ষয় ঘটিব । এনেবোৰ ঘটনাৰ পিছতো জিলা প্ৰশাসনে পদক্ষেপ লয়নে নলয় সেয়া লক্ষণীয় হ'ব ।
- Log in to post comments
- 8 views