লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
গাঁওবুঢ়াৰ পুত্তালিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মিঞা অসমীয়া পৰিষদে । মৰিগাঁৱৰ ভূৰাগাঁৱত আজি পুৱাতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মিঞা অসমীয়া পৰিষদে । এই প্ৰতিবাদী কৰ্যসূচীত সংগঠনটোৰ সদস্যসকলে ভূৰাগাঁও ৰাজহ-চক্ৰৰ অন্তৰ্গত কুপতিমাৰী গাঁৱৰ আবু বক্কৰ ছিদ্দিক নামৰ চৰকাৰী গাঁও বুঢ়াজনৰ পুত্তালিকা দাহ কৰে । কিয়নো আবু বক্কৰ ছিদ্দিক নামৰ গাঁও বুঢ়াজনৰ অকমন্য কাণ্ডৰ বাবে কুপতি মাৰী গাঁৱৰ কালু শ্বেখ নামৰ এজন লোক ডিটেনচন কেম্পলৈ যাব লগা হৈছিল ।
অভিযোগ অনুসৰি গাওঁবুঢ়া আবু বক্কৰ ছিদ্দিকে সাক্ষী দিয়াৰ বিনিময়ত কালু শ্বেখৰ পৰা দাবী কৰিছিল ২৫ হাজাৰ টকা । দৰিদ্ৰ কালু শ্বেখে টকা দিব নোৱাৰাত গাঁও বুঢ়া ছিদ্দকে কালু শ্বেখ কুপতিমাৰীৰ বাসিন্দা নহয় বুলি কোৱাত সম্প্ৰতি কালু শ্বেখ তেজপুৰৰ ডিটেনচন কেম্পত । উল্লেখ যোগ্য যে কেৱল ধনৰ বাবেই দুজন জমজ ভাতৃৰ এজন স্বদেশী এজন বিদেশী হোৱা ঘটনাই সমগ্ৰ অঞ্চলতোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । যাৰ বাবে গাঁও বুঢ়াজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা দাবীত ভূৰাগাৱত মিঞা অসমীয়া পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ।
- Log in to post comments
- 18 views