ন্যায্য প্ৰাপ্তিৰ দাবীত মৰিগাঁও জিলা ৰান্ধনী সন্থাৰ প্ৰতিবাদ : শিক্ষামন্ত্ৰীলৈ স্মাৰক-পত্ৰ

ন্যায্য প্ৰাপ্তিৰ দাবীত মৰিগাঁও জিলা ৰান্ধনী সন্থাৰ প্ৰতিবাদ : শিক্ষামন্ত্ৰীলৈ স্মাৰক-পত্ৰ

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

মৰিগাঁও জিলা ৰান্ধনী সন্থাই আজি নিজৰ অধিকাৰ আৰু ন্যায্য প্ৰাপ্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ অন্তত মৰিগাঁও  জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ।

ৰাজ্যৰ ৰান্ধনীসকলক স্থায়ী নিযুক্তি, দৰমহা ৫০০০ টকালৈ বৃদ্ধি, মধ্যাহ্ন ভোজনৰ দায়িত্ব অক্ষয়প্ৰাত্ৰক দিয়া, ৰান্ধনীৰ ওপৰত প্ৰধান শিক্ষকৰ স্বেচ্ছাচাৰিতা বন্ধ আৰু ধৰমতুল প্ৰাথমিক বিদ্যালয়ত নতুন ৰান্ধনী নিযুক্তি বন্ধ কৰাকে ধৰি কেইবাটাও দাবীৰে আজি মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় উত্তাল কৰি তোলে ।

পিছত জিলা প্ৰাথমিক শিক্ষা বিষয়া ডঃ তিলক চন্দ্ৰ শইকীয়াই প্ৰতিবাদকাৰীসকলৰ পৰা স্মাৰক-পত্ৰ গ্ৰহণ কৰি আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী সামৰণি পৰে ।

Your Comments