পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ দিনত গুৰমৌ, ৰঙিয়া সংযোগী পুঠিমাৰী নদীৰ ওপৰত এখন দলং বিচাৰি সাতখনকৈ গাওঁৰ ৰাইজে জনপ্ৰতিনিধিৰ ওচৰত কাকূতি-মিনতি কৰিবলগীয়া হৈছে ।
নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে বৰ্তমান সময়ত সৰ্বসাধাৰন ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰাত গঞা ৰাইজে একমুখে ধিক্কাৰ দিছে পৰিৱৰ্তনকামী চৰকাৰখনক । ৰঙিয়া, গোৰেশ্বৰ, গুৰমৌ সংযোগী পুঠিমাৰী নদীৰ ওপৰত সাতখনকৈ গাওঁৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰছ কৰি বাঁহেৰে দলং নিৰ্মাণ কৰিবলগীয়া হৈছে।
স্থানীয় ৰাইজে অভিযোগ দিয়া অনুসৰি এই পথটোৰে দৈনিক অহা-যোৱা কৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰী, চৰকাৰী চাকৰিয়াল, ব্যৱসায়ী লগতে সাতখনকৈ গাওঁৰ ৰাইজ দলংখন নথকাৰ ফলত যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে । কেইবা বাৰো জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক অৱগত কৰাৰ পিছতো মন্ত্ৰী গৰাকীয়ে কোনো পদক্ষেপ নোলোৱাত সাতখনকৈ গাওঁৰ ৰাইজে চৰকাৰখনৰ প্ৰতি আস্থা হেৰুৱা বুলি জানিবলৈ দিয়ে । দলংখন নোহোৱা পৰ্য্যান্ত অঞ্চলবাসী ৰাইজে প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনক আহি থকা নিৰ্বাচনত এসেকা দিয়াৰো হুঙ্কাৰ দিয়ে ।
- Log in to post comments
- 6 views