ৰঙিয়াৰ বঙালীকুছিৰ দিলীপ কলিতা নামৰ ব্যক্তিজনক নিজ ঘৰতে হত্যা কৰি পেলাই থয় । হত্যাকাণ্ডটো কেইবাদিন হোৱাত মৃত দেহটো দূৰগন্ধই আৱৰি ধৰে । আজি অঞ্চলবাসীয়ে দিলীপ কলিতাৰ ঘৰৰ পৰা বেয়া দূৰগন্ধ ওলোৱাত চাবলৈ যোৱাত মুন্দহীন মৃতদেহ এটা প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।
ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু দণ্ডাধীশৰ উপস্থিতি ঘৰৰ বেৰ ভাঙি মৃত দেহটো উদ্ধাৰ কৰা হয় । স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে ঘৰৰ পৰিয়ালে হত্যাকাণ্ডটো সংঘটিত কৰা বুলি সন্দেহ কৰিছে । মৃত দিলীপ কলিতাৰ পুতেক প্ৰাঞ্জল কলিতাক আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু ঘটনা সন্দৰ্ভত অধিক তথ্য জনাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
গাওঁৰ ৰাইজৰ লগত সম্পৰ্কত নথকাত হত্যাকাণ্ডটো কেইবাদিনো আগত হোৱাত মৃত দেহত পোকে আৱৰি ধৰিছে ।
- Log in to post comments
- 76 views