ভেকচিন গ্ৰহণ কৰি অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী অসুস্থকলৈ ৰাইজ ক্ষুব্ধ

েেে

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

সোমবাৰে এই দৰেই যুদ্ধ সদৃশ পৰিৱেশৰ সূচনা হ'ল লংকাৰ ফৰমাৰপাৰত ৷ একাংশ উত্তেজিত জনতা আৰু যিয়ে যেনেকৈ পাৰে এফালৰ পৰা চলায় গৈছে আক্ৰমণ | হাতে হাতে লাঠি লৈ এফালৰ পৰা তচনচ কৰি গৈছে বিদ্যালয়ৰ আচবাববোৰ৷ আৰক্ষী, চি আৰ পি এফৰ বাধাকো নেওচি এই সকল উত্তেজিত জনতাই সৃষ্টি কৰিলে লংকা কাণ্ডৰ৷ ফৰমাৰপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে চৰকাৰীভাৱে প্ৰদান কৰা ভেকচিন গ্ৰহণ কৰি প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাত লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত এই দৰেই বিদ্যালয়খনত সৃষ্টি হৈ পৰিল এক অবৰ্ণনীয় পৰিস্থিতিৰ |

ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰা খবৰ মুহুৰ্ততে অঞ্চলটিত বিয়পি পৰাত শ শ স্থানীয় ৰাইজ এইদৰেই উলাই আহি স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ ওপৰত খৰ্গ্ৰহস্ত হৈ পৰাৰ লগতে আক্ৰমণ চলাবলৈ উদ্যাত হৈ পৰে | পিছৰ উত্তেজিত ৰাইজে হাতে হাতে লাঠি, ৰদ লৈ বিদ্যালয়খনত আক্ৰমণ চলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তুলে | 

ৌৌ

ইফালে, এটা সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰাত খবৰ দিয়া হয় লংকা আৰক্ষীক | উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰলৈ আনিবলৈ উপস্থিত হোৱা আৰক্ষী, চি আৰ পি এফ বাহিনীৰ সৈতেও হতাহতিত লিপ্ত হৈ পৰে একাংশ জনতা | আনকি, উত্তেজিত জনতাই স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ লগতে আৰক্ষীকো বিদ্যালয়ত আবদ্ধ কৰি ৰাখে |

অন্যহাতে, স্থানীয় একাংশ লোকে চলোৱা আক্ৰমণত এজন সেনা জোৱানো ঘটনাস্থলীত আহত হৈ পৰে | অকল ইমানেই নহয়, একাংশ উন্মত জনতাৰ হাতৰ পৰা সাৰি নগ'ল আৰক্ষীৰ বাহনো | উত্তেজিত জনতাই এইদৰেই আক্ৰমণ চলায় ক্ষতি সাধন কৰিলে আৰক্ষীৰ বাহনো | পিছত উপায়ন্তৰ হৈ উত্তেজিত ৰাইজক ছত্ৰ ভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চাৰ্জ, কন্দুৱা গ্ৰেছৰ প্ৰয়োগ কৰিব লগীয়া এক পৰিস্থিতিৰো উদ্ভৱ হৈ পৰে |

Your Comments