নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
মৰিগাঁও জিলাৰ মৈৰাবাৰী পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত আজি মৈৰাবাৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক মঞ্চৰ সৌজন্যত আন্তৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয় ৷ এই উপলক্ষে অনুস্থিত হয় এক গাম্ভিয্যপূৰ্ণ আলোচনা সভা ৷ শিক্ষাবিদ, জ্যেষ্ঠ নাগৰিক ৰহম আলীৰ সভাপতিত্বত অনুস্থিত হোৱা আলোচনা সভাখনত লাহৰীঘাট ৰাজহ-চক্ৰ বিষয়া দ্যোতিভা বৰাই তত্বগধুৰ বক্তৃতা প্ৰদান কৰে ৷
সাম্প্ৰতিক সময়ত বয়োজেষ্ঠ পিতৃ মাতৃক একাংশ পুত্ৰ-বোৱাৰীয়ে কৰা মানসিক-শাৰীৰিক নিৰ্যাতনৰ বৰ্ধিত ঘটনাসমূহে আমাৰ পৰম্পৰা তথা সাতামপুৰুষীয়া ঐতিহ্যক ম্লান কৰা কথা ভাষন প্ৰসংগত উল্লেখ কৰি এনে বৰ্ধিত প্ৰৱনতা আমাৰ সমাজ জীৱনৰ বাৱে ক্ষতিকাৰক বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে ৰাজহ চক্ৰ বিষয়া দ্যোতিভা বৰাই ৷ সভাত উপস্থিত থাকি আন আন বক্তাসকলেও আজি দিৱসটিৰ তাৎপৰ্যৰ ওপৰত বক্তব্য আগবঢ়াই ৷
- Log in to post comments
- 20 views