চৰাইদেউ বাগিচাৰ মাটি বেদখলৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও চাহ শ্ৰমিকৰ

চৰাইদেউ বাগিচাৰ মাটি বেদখলৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও চাহ শ্ৰমিকৰ

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ পৰ্বত চাহ বাগিচাৰ সহস্ৰাধিক শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ'ল চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ । বাগিচাৰ মাটি একাংশ দুষ্টচক্ৰই চৰাইদেউ মৈদামৰ বুলি দাবী কৰি বেদখল কৰিবলৈ চেষ্টা কৰাৰ দাবী তুলি বাগিচাৰ সহস্ৰাধিক শ্ৰমিকে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে মৃতপ্ৰায় চৰাইদেউ পৰ্বত চাহ বাগিচাৰ শ্ৰমিকৰ নেৰানেপেৰা আন্দোলনৰ ফলত ২০১৪ চনত দাৰ্জিলিং অৰ্গেনিক টী কোম্পানীয়ে চাহ বাগিচাখন ক্ৰয় কৰি পুনৰ সজীৱ কৰি হাবিৰে ঢাক খাই থকা বাগিচাখনৰ বিভিন্ন অঞ্চলত চাহপুলি ৰোপণ কৰিছিল ।

চৰাইদেউ বাগিচাৰ মাটি বেদখলৰ বিৰুদ্ধে উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও চাহ শ্ৰমিকৰ

কিন্তু সেই মাটি একাংশ সংগঠনে চৰাইদেউ মৈদামৰ বুলি দাবী কৰাত এতিয়া জাঙুৰ খাই উঠিছে চাহ শ্ৰমিকসকল । ইফালে চৰাইদেউ পৰ্বত চাহ বাগিচা কৰ্তৃপক্ষই চৰাইদেউ মৈদামৰ ভূমি বেদখল কৰা বুলি অভিযোগ কৰি বেদখলকৃত অঞ্চলত ১৪৪ ধাৰা জাৰি কৰিছিল ।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে চাহ বাগিচা কৰ্তৃপক্ষই চৰাইদেউ মৈদামৰ মাটি নিজৰ বুলি দাবী কৰি চাহ শ্ৰমিকৰ জৰিয়তে আজি উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাক লৈ ৰহস্যৰ গোন্ধ পোৱা গৈছে ।

Your Comments